/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/cf7e5454-a228-49b2-9905-2c5a9c8d683b/agri.jpg)
ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সহযোগত বুধবাৰে গুৱাহাটীৰ হোটেল ৰেডিশ্বনত ডিজিটেল জৰীপ ব্যৱস্থা আৰু কৃষক পঞ্জীয়নৰ প্ৰশিক্ষণ তথা কৰ্মশালাৰ অনুষ্ঠান অনুষ্ঠিত হয়। দুদিনীয়াকৈ আয়োজিত এই প্ৰশিক্ষণ শিবিৰটিত অসমৰ ২৯খন জিলাৰ প্ৰায় ৬৪৯গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
এই প্ৰশিক্ষণ কৰ্মশালাখনিৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে ডিজিটেল জৰীপ ব্যৱস্থাৰ দ্বাৰা কৃষকৰ মনৰ পৰা মনো-ক্ৰপিংৰ ধাৰণা আঁতৰাই দুই বা ততোধিকবাৰ খেতি কৰাৰ অভ্যাস গঢ়ি তোলা। আজি এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d2c512dd-f611-45ee-b567-5bf9d94268cc/452534146_1034617201558385_6984629911056795561_n.jpg)
মন্ত্ৰী বৰাই এই সন্দৰ্ভত কয়- 'কৃষকসকলৰ সামগ্ৰিক কল্যাণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তি-নিৰ্ভৰ ডিজিটেল জৰীপ ব্যৱস্থাক প্ৰধানমন্ত্ৰী মোডীৰ দূৰদৰ্শী নেতৃত্বত সমগ্ৰ দেশৰ লগতে অসমতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত কৃষি বিভাগে নতুন গতি দিয়াৰ বাবে আগবাঢ়িছোঁ।
এই ব্যৱস্থাই কৃষকৰ মনৰ পৰা মনো-ক্ৰপিংৰ ধাৰণা আঁতৰ কৰি দুই বা ততোধিকবাৰ খেতি কৰাৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব। কাৰণ এই ব্যৱস্থাৰ জৰিয়তে বছৰটোৰ খাৰিফ, ৰবি আৰু গ্ৰীষ্মকালীন বতৰত তিনিবাৰকৈ কৃষকৰ ভূমি ছেটেলাইট পদ্ধতিৰে জৰীপ কৰা হ’ব' বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7d6b8db3-55a2-44a9-8b9c-580004fc53fe/452615840_1034617138225058_8260092384521071877_n.jpg)
লগতে কয়- 'ইয়াৰ সহায়ত কোনখন জিলাৰ কোনটো ৰাজহ চক্ৰৰ অধীনৰ কোনখন গাঁৱৰ কোনগৰাকী কৃষকে মাটি ছন পেলাই থৈছে, কোনগৰাকী কৃষকে বছৰটোৰ কোন কোন সময়ত কি কি খেতি কৰিছে আদি বিভিন্ন তথ্য সংগ্ৰহ কৰা হ’ব। এক নিৰ্দিষ্ট পৰিকল্পনাৰে ৰাজ্যখনত বছৰত দুটা বা ততোধিক খেতি কৰা ৰাজ্যলৈ পৰিৱৰ্তিত কৰাত সহায়ক হৈ উঠিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b9b7c74d-fcb8-41a8-8f20-17ebec4c5527/452680701_1034617398225032_659921701147121956_n.jpg)
তদুপৰি, পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আদি অভিলাষী আঁচনিসমূহৰ সফল ৰূপায়ণতো এই ডিজিটেল জৰীপ ব্যৱস্থাই বিশেষ সহায় কৰিব' বুলি আশা প্ৰকাশ কৰে।
দুদিনীয়া এই প্ৰশিক্ষণ শিবিৰটিত অংশ লোৱা প্ৰশিক্ষাৰ্থীসকলক মন্ত্ৰী বৰাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰশিক্ষাৰ্থীসকলে ৰাজ্যখনৰ কৃষকৰ স্বাৰ্থত এই গুৰুত্বপূৰ্ণ বিষয়টোৰ সকলো জ্ঞান আহৰণ কৰি নিখুঁতভাৱে ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব বুলি কৃষি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6ebd7389-ab29-418f-8e8c-357a377b0c09/452627514_1034617494891689_7110394765193088433_n.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে সদনত উত্থাপন কৰা ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটতো ৰাজহুৱা আন্তঃগাঁথনিৰ সন্দৰ্ভত অগ্ৰাধিকাৰভিত্তিত গুৰুত্ব আৰোপ কৰা হৈছিল। ইয়াৰ অধীনত দেশৰ ৪০০খন জিলাত ডিজিটেল জৰীপ ব্যৱস্থাৰে কাম কৰাৰ লক্ষ্য লোৱাৰ বিষয়ে ঘোষণা কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f0777408-ef75-40e6-aa79-6767537c5f54/452916601_1034617521558353_2329784726289737181_n.jpg)
আজিৰ এই অনুষ্ঠানটিত কেইবাগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে। ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজ'ৰিয়া, ভাৰত চৰকাৰৰ চিপিএমইউৰ প্ৰধান মহেশ ৱাকড়ে, ৰাজহ বিভাগৰ বিশেষ সচিব অশোক বৰ্মন, কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু উপস্থিত থাকে।
লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত জয় শিৱানী প্ৰমুখ্যে জিলা আৰু ৰাজহ চক্ৰৰ প্ৰশিক্ষাৰ্থীসকল, কৃষি, ৰাজহ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন দায়িত্বত থকা বিষয়াসকল, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।