ডিজিটেল ডেস্কঃ অৱশেষত গুৱাহাটী পালেহি মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মন। অসম আৰক্ষীৰ এটা দলে দেওবাৰে গোৱাত গ্ৰেপ্তাৰ কৰাৰ পাছত আজি বৰ্মনক লৈ গুৱাহাটীত উপস্থিত হয়।
দেওবাৰে গ্ৰেপ্তাৰৰ পাছত সোমবাৰে গোৱাৰ পেৰম আদালতত হাজিৰ কৰোৱাৰ পাছত অসম আৰক্ষীয়ে তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ডত লৈ গুৱাহাটীলৈ লৈ আনিছে। গোৱাৰ পৰা হায়দৰাবাদ হৈ আজি কিছু সময়ৰ পূৰ্বে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হৈছেহি।
ইয়াৰ পৰা তেওঁক পোনে পোনে লৈ অনা হৈছে পাণবজাৰ আৰক্ষী থানালৈ। ইয়াতেই আজি নিশাটো পাৰ কৰিব লাগিব দীপাংকৰে। আজি নিশাই অপৰাধ শাখাৰ আৰক্ষীয়ে জেৰা কৰাৰ সম্ভাৱনা আছে।
কালিলৈ তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব। আদালতৰ পৰা পুনৰ নিজৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে। উল্লেখ্য যে, দীপাংকৰ বৰ্মৰ বিৰুদ্ধে আছে ডি বি ষ্টকছ নামৰ এক ট্ৰেডিং প্ৰতিষ্ঠান খুলি ৭০০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ।
গোৱাত দেওবাৰে আৰক্ষীয়ে দীপাংকৰক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ পৰা প্ৰায় ২৭ লাখ টকা নগদ আৰু কিছু সোণক অলংকাৰ জব্দ কৰিছিল। ৰাজ্যৰ ট্ৰেডিং কেলেংকাৰীৰ সকলো গোচৰ ইতিমধ্যে চি বি আইৰ হাতলৈ গৈছে যদিও দীপাংকৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত পুনৰ পৃথকে ৩৭৪/২৪ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে।