/asomiyapratidin/media/media_files/2025/06/05/NYAyu6QGoJTqROEbGTzH.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন শাখা গুৱাহাটীৰ পৰা কলকতালৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি এক পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। উল্লেখ্য যে, গুৱাহাটীস্থিৰ লখৰাস্থিত এই ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন শাখা কলকতালৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এনে এক প্ৰক্ৰিয়া আৰম্ভ হৈছে।
৪ জুলাই, ২০২৫ তাৰিখে সদৌ অসম কৰ্মচাৰী পৰিষদে ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন শাখা গুৱাহাটীৰ পৰা কলকতালৈ স্থানান্তৰিতকৰণৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মালৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰে যে, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ সৰহ সংখ্যকৰে পেঞ্চন বহী ভাৰতীয় ষ্টেট বেংকৰ অধীনস্থ অসমৰ বিভিন্ন শাখাত আছে।
পেঞ্চন সংক্ৰান্তীয় কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন শাখা গুৱাহাটীৰ লখৰাত অৱস্থিত কাৰ্যালয়ত সম্পাদনা হৈ আছে। যাৰ জৰিয়তে অসমৰ লক্ষ্য লক্ষ্য অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ পেঞ্চন সম্পৰ্কীয় আসোঁৱাসমূহ দূৰ কৰাৰ সুবিধা হৈ আছে।
সদৌ অসম কৰ্মচাৰী পৰিষদে উল্লেখ কৰা অনুসৰি তেওঁলোকে বিশ্বস্ত সূত্ৰে জানিব পাৰিছে উক্ত শাখাত কলিকতালৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ষ্টেট বেংকে। যাৰ ফলত বেংকত উদ্ভৱ হোৱা বিভিন্ন আসোঁৱাহ সংশোধনীৰ বাবে কলিকতালৈ যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু অসম চৰকাৰৰ পেঞ্চনাৰ সকল হাৰাশাস্তিৰ সন্মুখীন হ’ব।
সেয়ে কৰ্মচাৰীপৰিষদে মুখ্যমন্ত্ৰী ড০ শৰ্মাক ভাৰতীয় ষ্টেট বেংকৰ উক্ত শাখাতো অসমতে ৰখাৰ বাবে বিধিগত ব্যৱস্থা গ্ৰহণৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ যোগে আবেদন জনাইছে।
/asomiyapratidin/media/media_files/2025/06/05/oGFNFro4aFPsrF4q1wzz.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us