Advertisment

গুৱাহাটীত অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু স্কুল ভেনৰ চালকৰ মৃতদেহ উদ্ধাৰ...

বৃহস্পতিবাৰে গুৱাহাটীৰ মাজমজিয়াত এগৰাকী যুৱতীক হত্যা কৰাৰ ঘটনাৰ এদিন পিছতেই আজি পুনৰ গুৱাহাটীত উদ্ধাৰ হৈছে দুটা মৃতদেহ। ব্ৰহ্মপুত্ৰৰ গাওঁবুঢ়া পাৰা ঘাটত উদ্ধাৰ হোৱা দুই মৃতদেহ ইতিমধ্যে চিনাক্ত কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু  স্কুল ভেনৰ চালকৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে গুৱাহাটীৰ মাজমজিয়াত এগৰাকী যুৱতীক হত্যা কৰাৰ ঘটনাৰ এদিন পিছতেই আজি পুনৰ গুৱাহাটীত উদ্ধাৰ হৈছে দুটা মৃতদেহ। ব্ৰহ্মপুত্ৰৰ গাওঁবুঢ়া পাৰা ঘাটত উদ্ধাৰ হোৱা দুই মৃতদেহ ইতিমধ্যে চিনাক্ত কৰা হৈছে। 

Advertisment

জানিব পৰা মতে মৃতদেহ দুয়োটা গুৱাহাটীৰ গাৰিগাঁৱৰ হীৰকজ্যোতি দাস আৰু জুহি দাসৰ। ইয়াৰে হীৰকজ্যোতি দাস এগৰাকী বিবাহিত যুৱক আৰু জুহি দাস অষ্টম শ্ৰেণীৰ ছাত্ৰী। 

অভিযোগ অনুসৰি জুহি দাস যোৱা মঙ্গলবাৰৰ পৰা সন্ধানহীন হৈ আছিল। পুৱতি নিশা তেওঁক হীৰকজ্যোতি দাসে লৈ যোৱাৰ দৃশ্য চিচিটিভিত বন্দী হৈছিল। 

ইয়াৰ পিছতে পৰিয়ালৰ লোকে আৰক্ষীক কিশোৰী জুহি দাসক অপহৰণ কৰাৰ অভিযোগ দাখিল কৰিছিল। কিন্তু তাৰ পাছতো আৰক্ষীয়ে বিষয়টোক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। 

আজি ব্ৰহ্মপুত্ৰত দুয়োৰে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে হীৰকজ্যোতি দাস এখন বিদ্যালয়ৰ গাড়ীচালক হিচাপে কৰ্মৰত আছিল। এই বাহনতে জুহিয়ে বিদ্যালয়লৈ অহাযোৱা কৰিছিল।

উল্লেখ্য, বৃহস্পতিবাৰেও ভূপেন দাস নামৰ এজন বিবাহিত ব্যক্তিয়ে মৌচুমী গগৈ নামৰ এগৰাকী যুৱতীক গুৱাহাটীৰ মাজমজিয়াত হত্যা কৰিছিল। বিবাহ বিচ্ছেদিত মৌচুমী গুৱাহাটীৰ এটা এন জি অত কৰ্মৰত আছিল।

আনহাতে পেছাত গাড়ী চালক ভূপেন দাস আছিল দুই সন্তানৰ পিতৃ। এই পৰিচয় লুকুৱাই ৰাখি তেওঁ মৌচুমীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল। পাছত এই বিষয়ে মৌচুমী অৱগত হোৱাত দুয়োৰে মাজত দূৰত্ব বৃদ্ধি পাইছিল আৰু তাৰ পৰিণতিতেই বৃহস্পতিবাৰে সংঘটিত হৈছিল জঘণ্য হত্যাকাণ্ড।

মৃতদেহ মৃতদেহ উদ্ধাৰ