গুৱাহাটী সমষ্টিৰ ভোটাৰৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে চাইকেল ৰেলী....

অনুষ্ঠানটোৰ ফ্লেগ অৱ কৰে জিলা আয়ুক্ত সুমিত সত্যাৱনে

author-image
Asomiya Pratidin
New Update
গুৱাহাটী সমষ্টিৰ ভোটাৰৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে চাইকেল ৰেলী....

ডিজিটেল ডেস্ক : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে অনন্য পদক্ষেপ। জিলা প্ৰশাসনৰ নেতৃত্বত দেওবাৰে পুৱা বিশেষ সজাগতা ৰেলী উলিয়াই। গুৱাহাটী চুইপ চেলৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ নেতৃত্বত অমৃত উদ্যানৰ পৰা এক চাইকেল ৰেলী উলিওৱা হয়।

Advertisment

গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৰেলীটো উলিওৱা হয় বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। দুটা দলত বিভক্ত ৰেলীটোত প্ৰায় ১৫০ৰো অধিক লোকে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোৰ ফ্লেগ অৱ কৰে জিলা আয়ুক্ত সুমিত সত্যাৱনে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে গুৱাহাটী লোকসভা সমষ্টিত মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ থাকিব ১০০টা আৰু আদৰ্শ ভোটকেন্দ্ৰ থাকিব ১৫টা।

Also Read: বঢ়মপুৰত "বিশ্ব পশু চিকিৎসা দিৱস- ২০২৪" উদযাপন

Kamrup Metropolitan District Administration Kamrup (M) voters cycle rally lok sabha Sumit Sattawan Third Phase Election