/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3ef6757e-6b15-4524-b98f-73f12e7d4a01/fosol.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আঁচনি । এই আঁচনিৰ অধীনত কামৰূপ জিলাৰ প্ৰতিটো ব্লক আৰু গাঁও পঞ্চায়তত শস্য বীমা সপ্তাহৰ সৈতে সংগতি ৰাখি সজাগতা সভা অনুষ্ঠিত হৈ আছে । যোৱা ১ জুলাই তাৰিখৰ পৰা পঞ্চম শস্য বীমা আঁচনি আয়োজিত আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/da4fc25c-c412-4879-882b-9ce627b25225/545c333e_fc2e_4c59_a337_a908441c754b.jpg)
কৃষকসকলে যাতে নিজৰ উৎপাদিত শস্যৰ নিৰাপত্তাৰ স্বাৰ্থত শস্য বীমা কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে কমলপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত থকা সভা গৃহত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত ভাৰত চৰকাৰৰ অতিৰিক্ত সঞ্চালক গজেন্দ্ৰ সিং আৰু অতিৰিক্ত আয়ুক্ত কামনা শৰ্মা, কৃষি সঞ্চালকালয়ৰ ফচল বীমা যোজনা কোষৰ জ্যেষ্ঠ পৰামৰ্শদাতা দেৱজিৎ নেওগ, ৰাজ্যিক ন'ডেল বিষয়া মুকিবুৰ ৰহমান তথা জিলা ন'ডেল বিষয়া ৰুমী গোস্বামী উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8df14308-932c-45d6-8715-0993dd33580d/c6c4a17e_3eb8_42a7_be9e_ff8b643614e5.jpg)
অতিৰিক্ত সঞ্চালক গৰাকীয়ে শস্য বীমা কৰিলে কৃষকসকল কেনেধৰণে উপকৃত হ'ব ব্যাখ্যা কৰাৰ লগতে বীমাকৰণত নৱ সংযোজন মোবাইল এপ সম্পৰ্কেও উল্লেখ কৰে। সভাত কৃষকসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ন'ডেল বিষয়া মুকিবুৰ ৰহমানে।
আজিও এই সজাগতা সভাত অঞ্চলটোৰ বহু কৃষকে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আঁচনিৰ প্র-পত্ৰ পূৰণ কৰি শস্য বীমাৰ প্রতি আগ্ৰহ প্ৰকাশ কৰে। এই সজাগতা সভাত মহকুমা কৃষি উন্নয়ন বিষয়া ৰমণী শৰ্মা, কমলপুৰ, লোচ আৰু বালিসত্ৰৰ কৃষি উন্নয়ন বিষয়া ক্ৰমে কুলেন ডেকা, কুমুদ চৌধুৰী আৰু প্ৰিয়ংকা শইকীয়া, জিলা মিডিয়া বিশেষজ্ঞ অক্ষমালা মহন্ত, বীমা কোম্পানীৰ তৰফৰ পৰা মোজামিল হুছেইন, ৰবিউল হ'ক, তথা বিভাগীয় বিষয়ববীয়াসকলৰ লগতে প্ৰায় শতাধিক কৃষকে অংশ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7251ab6a-edd4-4ce5-bd00-e73d0b562b53/54507a7b_5bea_4abb_9abd_47a3272caae8.jpg)
Also Read: পানীখাইটিত RPFক বিহ পান কৰা কথা কৈ সহায় বিছাৰিছিল বিমান ৰয়ে...