১১৯ বছৰীয়া পৰম্পৰা ভংগ কৰি কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে ইউনিফৰ্মৰ ৰং…

১১৯ বছৰীয়া পৰম্পৰা ভংগ কৰি কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে ইউনিফৰ্মৰ ৰং…

author-image
asomiyapratidin
New Update
১১৯ বছৰীয়া পৰম্পৰা ভংগ কৰি কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে ইউনিফৰ্মৰ ৰং…

ডিজিটেল ডেস্কঃ বিৰ্তকৰ মাজতে অৱশেষত ঐতিহ্য মণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ১১৯ বছৰীয়া পৰম্পৰা ভংগ কৰি নতুনত্ব দিয়াৰ চেষ্টাৰে বিশ্ববিদ্যায়খনৰ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে ইউনিফৰ্মৰ ৰং।

Advertisment

বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা ইউনিফৰ্মৰ ৰং অনুসৰি ছাত্ৰীয়ে পিন্ধিব লাগিব ব্লু ষ্ট্ৰিপড কুৰ্তা, গাঢ় নীলা ট্ৰাউজাৰ আৰু ক'লা ৰঙৰ জোতা। লগতে কুৰ্তাৰ বাহুৰ ওপৰত থাকিব বিশ্ববিদ্যালয়ৰ লগ'।আনফালে ছাত্ৰসকলে পিন্ধিব লাগিব ব্লু ষ্ট্ৰিপড ছাৰ্ট, গাঢ় নীলা ট্ৰাউজাৰ, ক'লা ৰঙৰ বেল্ট আৰু ক'লা ৰঙৰ জোটা।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননী যোগে নিৰ্ধাৰণ কৰিছে যে এই নতুন ইউনিফৰ্ম উচ্চতমৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে ১ আগষ্টৰ পৰা পৰিধান কৰিব লাগিবআৰু ই বাধ্যতামূলক। এই জাননী লাভ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মাজত উঠিছে প্ৰতিবাদৰ জোৱাৰ।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই ইতিমধ্যে স্পষ্ট কৰি দিছে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নতুনকৈ নিৰ্ধাৰণ কৰি দিয়া ইউনিফৰ্ম তথা ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে গ্ৰহণ কৰা এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব। লগতে এই সিদ্ধান্তৰ বিৰুদ্ধে ১ আগষ্টত উপাচাৰ্য আৰু পঞ্জীয়কৰ কাৰ্যালয় ঘেৰাওৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ছাত্ৰ একতা সভাই।