Advertisment

কটন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহঃ কনকসেন ডেকাক সাম্মানিয় D.Litt. প্ৰদান

কটন বিশ্ববিদ্যালয়ৰ তৃতীয় দীক্ষান্ত সমাৰোহ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সম্পন্ন হয়। বিশিষ্ট সাংবাদিক কনকসেন ডেকালৈ আগবঢ়ায় সন্মানীয় ডি.লিট।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
কটন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহঃ কনকসেন ডেকাক সাম্মানিক D.Litt. প্ৰদান

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ তৃতীয় দীক্ষান্ত সমাৰোহ আজি গুৱাহাটীৰ কলাক্ষেত্ৰত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সমাৰোহত মুঠ ৩০০১ গৰাকী শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ৮৬ গৰাকীক পি এইছ ডি, ১৬৫৮ গৰাকীক স্নাতকোত্তৰ,  ১২৪০ গৰাকীক স্নাতক আৰু ১৭ গৰাকী ডিপ্ল’মা গ্ৰহণকাৰী। 

Advertisment

তাৰোপৰি ১২৮ গৰাকী শিক্ষাৰ্থীক শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে সোণৰ পদক প্ৰদান কৰা হয়। বিশিষ্ট সাংবাদিক আৰু সাহিত্যিক কনকসেন ডেকাক অসমীয়া সাংবাদিকতা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে সাম্মানিয় D.Litt. ডিগ্ৰী প্ৰদান কৰা হয়।

বিশ্ববিদ্যালয়ৰ অন্যতম বিশেষ পাঠ্যক্ৰম ‘BA Programme for Sportsperson’ ৰ অন্তৰ্গত দুগৰাকী খেলুৱৈ শিক্ষাৰ্থী ক্ৰিকেটাৰ ৰিয়ান পৰাগ আৰু পেৰা এথলিট অন্যতম ৰাজকোঁৱৰেও আজি তেওঁলোকৰ স্নাতক ডিগ্ৰী লাভ কৰে। এই পাঠ্যক্ৰম অসমৰ উদীয়মান খেলুৱৈসকলৰ বাবে বিশ্ববিদ্যালয়খনে বিশেষভাৱে তৈয়াৰ কৰিছে।

এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচার্য লক্ষ্মণ প্ৰসাদ আচার্য, মহাৰাষ্ট্ৰ ৰাজ্যিক দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপিকা অপূৰ্বা পালকাৰ আৰু আইআইটি গুৱাহাটী আৰু আইআইআইটি গুৱাহাটীৰ প্ৰাক্তন পৰিচালক অধ্যাপক গৌতম বৰুৱাই মুখ্য অতিথি আৰু বিশিষ্ট অতিথিৰ আসন সোঁৱণী কৰে।

সমাৰোহত ভাষণ প্ৰদান কৰি, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই শিক্ষাৰ্থীসকলক কঠোৰ পৰিশ্ৰম আৰু আত্মনিয়োগৰ মাধ্যমেৰে ‘আমৃতকাল’ৰ সময়ছোৱাত দেশ গঢ়াৰ আহ্বান জনায়। তেওঁ কটন বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু সমগ্ৰ বিশ্ববিদ্যালয়ক তেওঁলোকৰ নিষ্ঠা আৰু অধ্যৱসায়ৰ বাবে অভিনন্দন জনায়, লগতে বিশ্ববিদ্যালয়খনে NAAC ৰ দ্বাৰা A গ্ৰেড লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

তাৰোপৰি ৰাজ্যপালগৰাকীয়ে "কটন বিশ্ববিদ্যালয়ে ঐতিহ্যমণ্ডিত অতীতৰ পৰা অনুপ্ৰেৰণা লৈ আগুৱাই গৈ এখন গৱেষণা-কেন্দ্ৰিক প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠিব লাগিব লাগিব বুলিও কয়। তেওঁ  স্নাতক শিক্ষাৰ্থীসকলে ‘বিকশিত ভাৰত’ গঢ়াৰ বাবে নিজৰ দক্ষতা, জ্ঞান আৰু পৰিশ্ৰমেৰে ৰাজ্য আৰু দেশৰ উন্নয়ন ঘটাব লাগিব বুলিও উল্লেখ কৰে।

সমাৰোহত মুখ্য অতিথিৰ ভাষণত অধ্যাপিকা অপূৰ্বা পালকাৰে শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সেইবোৰ পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ বাবে আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক আন্তঃৰাষ্ট্ৰীয় ভাষা শিকাৰ উপদেশ দি কয়, "বিশ্বব্যাপী চাকৰি লাভ কৰাৰ বাবে অন্ততঃ এটা বা দুটা আন্তঃৰাষ্ট্ৰীয় ভাষা আয়ত্ব কৰাটো অত্যন্ত প্ৰয়োজনীয়।"

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই সমাৰোহত বিশ্ববিদ্যালয়ৰ কেইবাটাও গুৰুত্বপূর্ণ দিশৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ অধীনত চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম, Multiple Entry-Exit System, Academic Bank of Credits, CUET ৰ সফল অংশগ্ৰহণ, SAMARTH প’ৰ্টেলৰ সৈতে নামভৰ্তি প্ৰক্ৰিয়া সংলগ্নকৰণ, ONOS (One-Nation-One-Subscription) কাৰ্যকৰী কৰণ আদি বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰাপ্তি।

তেওঁ লগতে কয় যে, বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ ১৫০০ ৰো অধিক গৱেষণা প্ৰবন্ধ প্ৰকাশ পাইছে, যাৰ ভিতৰত ‘Science’ ৰ দৰে উচ্চ মানদণ্ডৰ জাৰ্নেলতো প্ৰকাশিত প্ৰবন্ধও আছে।সমাৰোহত অধ্যাপক গৌতম বৰুৱাই শিক্ষাৰ্থীসকলক উদ্যোগিতাৰ পথ অনুসৰণ কৰাৰ আহ্বান জনাই আৰু নতুন ষ্টাৰ্টআপ স্থাপন কৰি আত্মনিৰ্ভৰশীল হোৱাৰ পৰামৰ্শ দিয়ে।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এক শৈক্ষিক শোভাযাত্ৰাৰ মাধ্যমেৰে আৰম্ভ হয়, য’ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰিন্দম গাৰ্গ ৰ নেতৃত্বত বিভিন্ন শাখাৰ ডীন, বিশ্ববিদ্যালয়ৰ কোর্ট, এক্সিকিউটিভ কাউন্সিল আৰু একাডেমিক কাউন্সিলৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

কটন বিশ্ববিদ্যালয়