Advertisment

কংগ্ৰেছৰ প্ৰতিবাদত অঘটনঃ কন্দুৱা গেছ প্ৰয়োগৰ ফলত কংগ্ৰেছ কৰ্মীৰ মৃত্যু

আজি গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছে ৰাজভৱন চলো শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ মাজতে সংঘটিত হৈছে এক ডাঙৰ অঘটন। আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ ফলত মৃত্যু হৈছে এগৰাকী কংগ্ৰেছ কৰ্মীৰ।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছে ৰাজভৱন চলো শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ মাজতে সংঘটিত হৈছে এক ডাঙৰ অঘটন। আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ ফলত মৃত্যু হৈছে এগৰাকী কংগ্ৰেছ কৰ্মীৰ।

Advertisment

নিহত কংগ্ৰেছ কৰ্মীগৰাকী অধিবক্তা মৃদুল ইছলাম। কংগ্ৰেছৰ আইনী কোষৰ নেতা আছিল মৃদুল ইছলাম। উল্লেখ্য যে, গুৱাহাটীত আজি অসম প্ৰদেশ কংগ্ৰেছে ‘এক দেশ, এক নিৰ্বাচন’কে ধৰি একাধিক দাবীৰে ৰাজভৱন চলো কাৰ্যসূচী গ্ৰহণ কৰিছিল।

এই প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচীক বেআইনী ঘোষণা কৰাৰ লগতে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলক ছত্ৰ ভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে। ফলত বহু কংগ্ৰেছ কৰ্মী আহত হোৱাৰ লগতে বাতৰি সংগ্ৰহৰ বাবে যোৱা কেইবাজনো সংবাদ কৰ্মীও আহত হয়।

আহত কংগ্ৰে কৰ্মীসকলক জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল। জি এম চি এইছতে মৃদুল ইছলামৰ মৃত্যু হয়। ইফালে এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গ্ৰেপ্তাৰ কৰিছে। 

প্ৰতিবাদ কংগ্ৰেছ