Advertisment

প্ৰতিবাদৰ মাজতে ভূপেন, ৰিপুন, জাকিৰসহ বহু কংগ্ৰেছীক আটক...

আজি প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণত পুনৰ গুৱাহাটী আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক কৰিছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
প্ৰতিবাদৰ মাজতে ভূপেন, ৰিপুন, জাকিৰসহ বহু কংগ্ৰেছীক আটক...

প্ৰতিবাদৰ মাজতে ভূপেন, ৰিপুন, জাকিৰসহ বহু কংগ্ৰেছীক আটক...

ডিজিটেল ডেস্কঃ আজি প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণত পুনৰ গুৱাহাটী আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক কৰিছে আৰক্ষীয়ে।

Advertisment

ইফালে গুৱাহাটীৰ কেইবাটাও স্থানত কংগ্ৰেছ নেতা, কৰ্মীক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীকো হোটেলতে আবদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে। যুৱ কংগ্ৰেছৰ কোনো কৰ্মীকে তেওঁল সাক্ষাত কৰিবলৈ দিয়া হোৱা নাই। 

উল্লেখ্য যে, কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে গুৱাহাটী আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত মৃদুল ইছলাম নামৰ আইনী কোষৰ নেতাগৰাকীৰ মৃত্যু হৈছিল। ইয়াৰ বিৰুদ্ধে আজি গুৱাহাটীত ৰাজভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি পুৱাই মানৱেন্দ্ৰ শৰ্মা ভৱনত একত্ৰিত হোৱা কংগ্ৰেছ নেতা, কৰ্মীসকলক আৰক্ষী, চি আৰ পি এফ বাহিনীয়ে বেৰিকেড লগাই আবদ্ধ কৰি ৰাখে। আনহাতে কেইবাজনো কংগ্ৰেছ নেতাক তেওঁলোকৰ বাসগৃহ আৰু হোটেলত আৱদ্ধ কৰি ৰাখে।

তাৰ মাজতে ভেটাপৰাস্থিত ভূপেন বৰাৰ বাসগৃহৰ পৰা ভূপেন বৰা আৰু ৰিপুন বৰাৰ নেতৃত্বত একাংশ কংগ্ৰেছ কৰ্মীয়ে আৰক্ষীৰ বেহু ভেদি প্ৰতিবাদী সমদল কৰি ওলাই আহে। তাৰ মাজতেই আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ৰাজপথতে এই প্ৰতিবাদী দলটোক আৱদ্ধ কৰে আৰু ভূপেন বৰা আৰু ৰিপুন বৰাকে ধৰি কেইবাজনকো আটক কৰিছে। লগে লগে কংগ্ৰেছ কৰ্মীসকলে ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে মানৱেন্দ্ৰ শৰ্মা ভৱনতো প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে আৰক্ষীৰ বেৰিকেড ভেদি ৰাজপথলৈ ওলাই আহিছে। ৰাজপথেৰে সমদল কৰি অহা কংগ্ৰেছ কৰ্মীসকলৰ মাজৰ পৰাই আৰক্ষীয়ে আটক কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাৰিক হুছেইন শিকদাৰকো। একপ্ৰকাৰে আজি পুনৰ উত্তপ্ত হৈ পৰিছে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। 

প্ৰতিবাদ কংগ্ৰেছ