Advertisment

মৃদুল ইছলামৰ পত্নীক চাকৰি দিয়াৰ দাবীঃ ৰাহুল গান্ধীয়েও লৈছে খবৰ...

ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ ফলত অসুস্থ হৈ পৰৱৰ্তী সময়ত মৃত্যু হোৱা কংগ্ৰেছৰ আইনী কোষৰ নেতা মৃদুল ইছলামৰ পত্নীক চৰকাৰী সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

author-image
Asomiya Pratidin
New Update
মৃদুল ইছলামৰ পত্নীক চাকৰি দিয়াৰ দাবীঃ ৰাহুল গান্ধীয়েও লৈছে খবৰ...

ডিজিটেল ডেস্কঃ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ ফলত অসুস্থ হৈ পৰৱৰ্তী সময়ত মৃত্যু হোৱা কংগ্ৰেছৰ আইনী কোষৰ নেতা মৃদুল ইছলামৰ পত্নীক চৰকাৰী সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। ২১ ডিচেম্বৰত কংগ্ৰেছৰ সভাপচি ভূপেন বৰাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ এক পত্ৰও প্ৰেৰণ কৰিছে।

Advertisment

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ চৰকাৰী সংস্থাপন দিয়াৰ পূৰ্বে মৃদুল ইছলামৰ প্ৰকৃততে কিদৰে মৃত্যু হৈছিল আৰু এই গোটেই ঘটনাৰ তদন্তৰ ওপৰত হে গুৰুত্ব প্ৰদান কৰিছে। 

ইফালে ৰাজভৱনলৈ গৈ আৰক্ষীৰ অত্যাচাৰত নিহত হোৱা ছহিদ মৃদুল ইছলামৰ পত্নী হামিদা পাৰবিনৰ সৈতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বাৰ্তালাপ কৰি পৰিয়ালটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব বুলি আশ্বাস দিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জনোৱামতে ১৮ ডিচেম্বৰৰ নিশাৰ ভাগত বিধায়িকা নন্দিতা দাসৰ টেলিফোনত নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মৃদুল ইছলামৰ পত্নীৰ সৈতে বাৰ্তালাপ কৰে।

ইফালে, ২০ ডিচেম্বৰত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মৃদুল ইছলামৰ পত্নীৰ সৈতে ফোনযোগে কথা পাতি সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালটোৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা চিন্তা কৰিব বুলি আশ্বাস দিয়ে আৰো এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰদেশ কংগ্ৰেছক দায়িত্ব অৰ্পণ কৰে।

ভূপেন বৰা মৃদুল ইছলাম কংগ্ৰেছ