/asomiyapratidin/media/media_files/2024/11/14/Ttcli2JbNN7sgAA23VM8.jpg)
ডিজিটেল ডেস্কঃ অসমৰ বিভিন্ন চহৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য সাত খন ৰাজ্যৰ মুঠ ১৪ খন স্ত্ৰী আৰু প্ৰসূতি ৰোগ সমিতিৰ এক সামূহিক অনুষ্ঠান হিচাবে অহা ২২,২৩ আৰু ২৪ নৱেম্বৰত গুৱাহাটীত ৩৩সংখ্যক সন্মিলন খনি অনুষ্ঠিত হ'ব। "মাতৃ স্বাস্থ্যম্ জন স্বাস্থ্যম্ " উক্তিক সাৰোগত কৰি গুৱাহাটী স্ত্ৰী আৰু প্ৰসূতি ৰোগ সমিতিৰ দ্বাৰা আয়োজিত সন্মিলনীত ৩৫০ ওপৰৰ চৰকাৰী আৰু বেচৰকাৰী বিশেষজ্ঞ উপস্থিতি থাকিব।
উত্তৰ পূৰ্বাঞ্চলৰ স্বকীয় জনগাঠনি আৰু সাংস্কৃতিক পৰিবেশত মহিলাৰ স্বাস্থ্য আৰু জীৱনশৈলীৰ উন্নতিৰ এক সামূহিক পদক্ষেপ হিচাবে এই কাৰ্যসূচীৰ প্ৰথম দিনত প্ৰসৱ কালীন চিকিৎসা তথা পৰিচালনা , জৰায়ু মুখৰ কৰ্কট ৰোগৰ সহজ চিনাক্তকৰণৰ কাৰিকৰী কৌশল আৰু এণ্ডস্কোপিক প্ৰদ্ধতিৰে জৰায়ু টিউমাৰ বা অন্য কিছুমান স্ত্ৰী ৰোগৰ অপাৰেশ্যনৰ কাৰিকৰী কৌশলৰ কৰ্মশালা অনুষ্ঠিত হব ।
দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ভালে সংখ্যক আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিশেষজ্ঞৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইখন চিকিৎসা শিক্ষা তথা স্বাস্থ্য প্ৰতিষ্ঠানৰ অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা শিক্ষাবিদে সমল ব্যক্তি হিচাবে যোগদান কৰিব। গুৱাহাটীৰ বিখ্যাত স্ত্ৰী ৰোগ বিশাৰদ ডাঃ অলকা গোস্বামী দ্বাৰা উদ্বোধন হব লগা প্ৰথম কৰ্মশালা তাজ ভিভান্টা হোটেলত, ২য় আৰু ৩য় কৰ্মশালা ক্ৰমান্বয়ে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু হেলথ চিটি হস্পিটেলত অনুস্থিত হব।
পৰৱৰ্তী দুদিনত এই বিষয়ৰ লগত জড়িত বিভিন্ন জটিল সমস্যাৰ লগতে নতুন বৈজ্ঞানিক চিন্তাধাৰা, নতুন সজুলি আদিৰ প্ৰদৰ্শন আৰু মাতৃৰ মৃত্যু হাৰ কমাবৰ কাৰণে লবলগীয়া সামাজিক ব্যবস্থাৱলী আদিৰ ওপৰতো মনোজ্ঞ আলোচনা চক্ৰ , পদ্মশ্ৰী স্বৰ্গীয় মুক্তি গগৈ সোৱৰণী অবিৰত চিকিৎসা শিক্ষা(C M E) , স্বৰ্গীয় প্ৰফেছৰ ৰাজ কুমাৰ দাস সোঁৱৰনী ভাষণ আৰু ডাঃ গোপাল শৰ্মা আৰু ডাঃ ভাৰতী বৰুৱা স্মৃতিত উৎসৰ্গিত কৰ্মশালাত FOGSI অনুষ্ঠানৰ সন্মানীয় সভাপতি আৰু সম্পাদিকা ডাঃ জয়দীপ টেংক আৰু ডাঃ মাধুৰী পেটেলে অংশ গ্ৰহণ কৰিব।
২২ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত হ'বলগীয়া মূল অধিবেশন খন মুকলি কৰিবলৈ আন্তৰ্জাতিক খ্যাতি সম্পন্ন হস্তি বিশাৰদ পদ্মশ্ৰী পাৰ্ব্বতী বৰুৱা ক আমন্ত্ৰণ কৰা হৈছে। আৰু অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশিত হব লগীয়া স্মৃতি গ্ৰন্থত নতুন প্ৰজন্মৰ চিকিৎসক সকলৰ গৱেষণা ধৰ্মী লিখনি প্ৰকাশিত হব। গুৱাহাটী প্ৰেছ ক্লাবত আজি এই সম্পৰ্কত বক্তব্য ৰাখে অনুষ্ঠানটোৰ মূল কাৰ্য্যকৰ্তা যথাক্ৰমে আয়োজক সমিতিৰ সভাপতি অধ্যাপক ডাঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য,,সম্পাদকদ্বয় ডাঃ হেমাংগ বৈশ্য আৰু ডাঃ কল্পনা চৌধাৰীয়ে।