স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ গৈ সমস্যাত ছাত্ৰ-ছাত্ৰী

শিক্ষা বিভাগে মুকলি কৰা প’ৰ্টেলত আসোঁৱাহ আৰু জটিলতাৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ গৈ সমস্যাত ছাত্ৰ-ছাত্ৰী

ডিজিটেল সংবাদ,গুৱাহাটী : ৰাজ্যৰ শিক্ষা বিভাগে উচ্চ শিক্ষাৰ নামভৰ্তিৰ কাৰণে সকলো ৰাজ্যিক বিশ্ববিদ্যালয় আৰু চৰকাৰী সাহাৰ্যপ্ৰাপ্ত উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বাবে মুকলি কৰিছিল এটা প’ৰ্টেল। চলিত শিক্ষাবৰ্ষৰ পৰাই চৰকাৰীখণ্ডৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানত SAMARTH নামৰ প’ৰ্টেলটোৰ জৰিয়তেহে নামভৰ্তিৰ বাবে আবেদন জনোৱাৰ ব্যৱস্থা কৰা হৈছিল।

Advertisment

অসম চৰকাৰৰ e-Govtৰ অধীনত এই প’ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বাবে আবেদন জনাবলৈ গৈ ৰাজ্যজুৰি ছাত্ৰ-ছাত্ৰীসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে। স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰম ৪বছৰীয়া কৰি ৮টা ছেমিষ্টাৰত ভাগ কৰা হৈছে নতুন শিক্ষানীতি অনুসৰি।

অসম চৰকাৰে ১৪জুন ২০২৩ত চৰকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নামভৰ্তিৰ বাবে মুকলি কৰা এই প’ৰ্টেলৰ দ্বাৰাই নামভৰ্তি আবেদন কৰিবলৈগৈ বিবুধিত পৰিছে বহু ছাত্ৰ-ছাত্ৰী।

ম’বাইলৰ জৰিয়তে এই প’ৰ্টেলৰ দ্বাৰাই নামভৰ্তিৰ আবেদন কৰিব পৰা নাই ছাত্ৰ-ছাত্ৰীয়ে।কম্পিউটাৰত প’ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বাবে পঞ্জীয়ন কৰিবলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলে মেজৰ বিষয় আৰু মাইনৰ বিষয়সমূহ নিৰ্বাচন কৰিব পৰা নাই সঠিকভাৱে।ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ মতে এই ব্যৱস্থা নাই প’ৰ্টেলটোত।

মেজৰ বিষয় নিৰ্বাচন কৰিলে ছা্ত্ৰ-ছা্ত্ৰীয়ে নিজৰ পচণ্ড অনুসৰি মাইনৰ বিষয়সমূহ নিৰ্বাচন কৰাৰ সুবিধা নাই ইয়াত।ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ মতে,যিকোনো শাখাত মেজৰ লোৱা ছা্ত্ৰ এজনে আন যিকোনো শাখাত মাইনৰ কাকত নিৰ্বাচন কৰাত বাধা থাকিব নালাগে।

মাইনৰ বিষয়টো আন্তঃবিদ্যায়তনিক শৃংখলাৰ পৰা নিৰ্বাচন কৰিব পৰা ব্যৱস্থা থকাটো প্ৰয়োজনীয়। আনহাতে এজন ছাত্ৰই এখন প্ৰ-পত্ৰ পূৰণ কৰোতে এবাৰ এটা বিদ্যায়তনিক শাখা নিৰ্বাচন কৰাৰ পাছত ইয়াক সলনি কৰাৰো কোনো ব্যৱস্থা ৰখা হোৱা নাই প’ৰ্টেলটোত।

ইফালে এই প্ৰ-পত্ৰ পূৰণত প’ৰ্টেলটোত নাই সম্পাদনাৰ কোনো সুব্যৱস্থা। অভিজ্ঞ লোকৰ অবিহনে এই প’ৰ্টেলটোত প্ৰ-পত্ৰ পূৰণ কৰোতে যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল।

সেয়েহে প’ৰ্টেলটোত থকা আসোঁৱাহসমূহ দূৰ কৰি মহাবিদ্যায়লৰ নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ এ পি আইৰ জৰিয়তে সংশ্লিষ্ট মহাবিদ্যায়লৰ পৰা সংগ্ৰহ কৰি সেই তথ্য কেন্দ্ৰীয়ভাৱে ব্যৱস্থা কৰিবলৈ দাবী উঠিছে। একাধিক নামভৰ্তি,ভুল নামভৰ্তিকে ধৰি আন বিসংগতিসমূহ দূৰ কৰিবলৈ চৰকাৰে এই প’ৰ্টেলৰ ব্যৱস্থা কৰিছে যদিও বেচৰকাৰী খণ্ডত এই প’ৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰিব নালাগে। সেয়ে এতিয়া বহু ছাত্ৰ-ছা্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে ভিৰ কৰিছেগৈ।

Also Read: ডিমা হাচাও আৰক্ষী হত্যাৰ গোচৰ : ৰাজসাক্ষীৰ পত্নীক ভাবুকি,চি ই এমৰ বিৰুদ্ধে এজাহাৰ

Education Department