মহানগৰীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আৰম্ভণি অনুষ্ঠান

বিশিষ্ট লেখক মিলিন্দ মাৰাঠে, ভূষণ ভাৱে, অন্সু যোশী আৰু সাংবাদিক ৰুবিকা লিয়াকতকে ধৰি ৰাষ্ট্ৰীয় আৰু স্থানীয় লেখক-সাহিত্যিক-সাংবাদিকৰ অংশগ্ৰহণেৰে "প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ"ৰ সফল আৰম্ভণি...

author-image
Asomiya Pratidin
New Update
মহানগৰীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আৰম্ভণি অনুষ্ঠান

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৩দিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰে পৰা গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হয় শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত প্ৰথম প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ। "শিপাৰ সন্ধানত" মূল মন্ত্ৰৰে আৰম্ভ হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ মিলিন্দ সুধাকৰ মাৰাঠে, পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিক্ষাবিদ লীল বাহাদুৰ ছেত্ৰী, প্ৰখ্যাত সাংবাদিক ৰুবিকা লিয়াকত, বিশিষ্ট কোংকনী সাহিত্যিক ভূষণ ভাবে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° অন্সু যোশীসহ কেবাগৰাকীও গণ্যমান্য ব্যক্তি।

Advertisment

অনুষ্ঠানৰ আৰম্ভণিতে দ্বীপ বন্দনাৰ মাজেৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিৰ সভাপতি ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ দ্বাৰা দ্বীপ প্ৰজ্বলন কৰা হয়। শংকৰদেৱ বিদ্যা নিকেতন, বিৰুবাৰীৰ শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সমাজৰ দ্বাৰা পৰিবেশিত সৰস্বতী বন্দনা, তেজপুৰৰ শিল্পী সমাজৰ দ্বাৰা সমবেত সংগীত, বনলতা বৈশ্যৰ সাধনা শিল্পী সমাজৰ দ্বাৰা ভোৰতাল নৃত্যৰ প্ৰদৰ্শনৰ পিছতে মূল উদ্বোধনী অনুষ্ঠান আৰম্ভ হয়। আদৰণি ভাষণত আয়োজক সমিতিৰ সভাপতি তথা ৰাজ্যৰ অন্যতম সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বক্তব্য আগবঢ়ায়।

ইয়াৰ পাছতেই প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ মূল বিষয়বস্তু সন্দৰ্ভত সভাপতি দেৱচৌধুৰীয়ে বাখ্যা আগবঢ়ায়। বাহিৰৰ তত্ত্বৰে আমাৰ সাহিত্য সজোৱাৰ প্ৰৱণতাক সমালোচনা কৰি সভাপতি দেৱচৌধুৰীয়ে ভাৰতীয় পুৰাতন সভ্যতা সংস্কৃতিক অৱজ্ঞা কৰাৰ মানসিকতাক লৈ আক্ষেপ প্ৰকাশ কৰে। সভাপতি দেৱচৌধুৰীয়ে দুখ প্ৰকাশ কৰে যে- আমাৰ সমাজৰ উচ্চ শিক্ষিত লোকসকলৰ মাজতো প্ৰাচীনকালৰ ঐতিহ্যক উপলুঙা কৰাৰ প্ৰৱণতা দেখা যায়। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আৰম্ভণি অনুষ্ঠানৰ মূল বক্তব্য দাঙি ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰখ্যাত সাংবাদিক ৰুবিকা লিয়াকটেও ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ শক্তিশালী শিপাৰ বিষয়ে উল্লেখ কৰে।

তেওঁ স্পষ্ট ভাবে উল্লেখ কয় যে- তেওঁৰ বাবে মাতৃভূমি অৰ্থাৎ ভাৰত প্ৰথম, তাৰ পিছত ধৰ্ম। নিজৰ পূৰ্বপুৰুষৰ ইতিহাস সুঁৱৰি ৰুবিকা লিয়াকটে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ তেওঁৰ পূৰ্বপুৰুষৰ ৭জন পিতৃপুৰুষৰ নাম উল্লেখ কৰি কয়,"তাৰ আগত কোনোবা পণ্ডিত আছিল।" ভাৰতীয় মুছলমানৰ পূৰ্বপুৰুষ একে ভাৰতীয় শিপাৰ অংশ বুলি উল্লেখ কৰি সাংবাদিক ৰুবিকা লিয়াকতে এই মূল শিপা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়- শিপা শক্তিশালী হ'লেহে গছ-গছনিয়ে ভাল ফল দিব।

মুখ্য অতিথিৰ ভাষণত নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ মিলিন্দ সুধাকৰ মাৰাঠেয়ে সাহিত্য জন কল্যানমুখী হোৱাত গুৰুত্ব আৰোপ কৰে। মাৰাঠেৰ মতে, য'তেই সমাজৰ হিত দেখা যায়, সেয়াই সাহিত্য। নিজৰ সাৰুৱা ভাষণত শিক্ষাবিদজনে আক্ষেপ প্ৰকাশ কৰে যে- অজ্ঞাত কাৰণত এচাম সাহিত্যিকে নিজৰ লোককে ভ্ৰমিত কৰা আৰম্ভ কৰে। এই ধৰণৰ ঔপনিৱেশিক মানসিকতাক কঠোৰ ভাষাৰ সমালোচনা কৰি নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ মাৰাঠেয়ে নিজৰ ভাষণত স্পষ্ট আহ্বান জনাই যে- ১৯২৫ চনৰ পূৰ্বৰ তথ্যপাতিৰ অধ্যয়ণ কৰিবলৈ। উল্লেখ্য যে, নৃত্যশিল্পী ড° মল্লিকা কন্দলী আৰু তেওঁৰ শিষ্যৰ দ্বাৰা পৰিবেশিত "ভাৰত বন্দনা"ৰে আৰম্ভণি অনুষ্ঠানৰ সামৰণি পৰে।

দুখনকৈ গুৰুত্বপূৰ্ণ সত্ৰ আলোচনা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ থলীত শুকুৰবাৰে দুখনকৈ সত্ৰ আলোচনা অনুষ্ঠিত হয়। অধ্যাপক যোগেশ কাকতিৰ সঞ্চালনাত অনুষ্ঠিত "সৱলীকৰণৰ বাকধাৰা: শিপাৰ সন্ধানত ইতিহাসৰ অধ্যয়ন" শীৰ্ষক প্ৰথম সত্ৰ আলোচনাত অংশ লয় উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতিৰ্ময় প্ৰধানী, বৰভাগ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপিকা ড° নমিতা দেৱী, ইন্দাছ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপিকা ড° অংকিতা দত্ত আৰু অসমৰ এজন বিশিষ্ট স্তম্ভ লেখক ৰূপম বৰুৱাই। সাহিত্যৰ জৰিয়তে পৰম্পৰাৰ অন্বেষণ শীৰ্ষক দ্বিতীয়খন সত্ৰ আলোচনাত ভাগ লয় বিশিষ্ট কোংকনী সাহিত্যিক ভূষণ ভাৱে, জে এন ইউৰ অধ্যাপিকা ড° অন্সু যোশী, অসমৰ বিশিষ্ট ইতিহাসবিদ ড° ৰবীন শৰ্মাই। এই সত্ৰ আলোচনা সঞ্চালনা কৰে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই।

Also Read: সমাগত খেল মহাৰণঃ শীঘ্ৰে পঞ্জীয়নৰ বাবে আহ্বান জিলা আয়ুক্ত-মেয়ৰৰ

সাহিত্য উৎসৱ