চানমাৰিত হাস্য-ব্যংগ সাহিত্য সন্মিলন সমাপন

অনুষ্ঠানত অংশ লয় 'জি বাংলা' টি ভিৰ মিৰাকলৰ প্ৰশান্ত চট্টোপাধ্যায়
চানমাৰিত হাস্য-ব্যংগ সাহিত্য সন্মিলন সমাপন

ডিজিটেল সংবাদ,গুৱাহাটী : ৰাজ্যৰ অন্যতম প্ৰকাশন গোষ্ঠী পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত দেওবাৰে মহানগৰীৰ চানমাৰিস্থিত নিৰাময় ভৱনত এখনি "হাস্য-ব্যংগ সাহিত্য সন্মিলন" আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত কৰা হয়। বিশিষ্ট সাহিত্যিক নিশুতি মজুমদাৰৰ সঞ্চালনাত অনুষ্ঠিত সন্মিলনৰ আদিতে জনপ্ৰিয় শিল্পী দ্বিজেন কাকতীয়ে পৰিৱেশন কৰা এটি ৰসাল গীতেৰে সভাৰ আৰম্ভণি কৰা হয় ।

পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানটি উদ্ধোধন কৰি সাহিত্যিক পেঞ্চনাৰ, "সাহিত্য কোঁৱৰ" কমল কলিতাই কয়- "অসমীয়া সাহিত্যত হাস্য ব্যংগ ৰচনা প্ৰাচীন কালৰ পৰাই সৃষ্টি হৈ আহিছে । প্ৰাক্ শংকৰী যুগত মাধৱ কন্দলিৰ ৰামায়ণতে বিসংগতিৰ আধাৰত সৃষ্ট হাস্যৰসৰ প্ৰকাশ লক্ষ্য কৰা যায় ।

সুন্দৰ কাণ্ডৰ ৰাক্ষস ৰাক্ষসীৰ বৰ্ণনা, হনুমানৰ কাৰ্যকলাপৰ বৰ্ণনা প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি । শ্ৰীমন্ত শংকৰদেৱৰ একাংশ সাহিত্যৰাজিত নৱৰস প্ৰকাশ ঘটিছে । কীৰ্তনৰ শিশু কৃষ্ণৰ বালসুলভ দুষ্টালি, ৰুক্মিণী হৰণ নাটকখনৰ বেদনিধি বাপুৰ , পাৰিজাত হৰণ নাটখনিৰ নাৰদ চৰিত্ৰত মধুৰ হাস্যৰসৰ সৃষ্টি হৈছে ।"

অনুষ্ঠানত "জি বাংলা" টি ভিৰ প্ৰসিদ্ধ হাঁহিৰ অনুষ্ঠান মিৰাকলৰ অভিনেতা, শিল্পী, কলকাতাৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰশান্ত কুমাৰ চট্টোপাধ্যায়ে সন্মানীয় আলহী হিচাপে অংশ লৈ কয় - "মই অভিভূত হৈছোঁ । পৰাগজ্যোতি প্ৰকাশনে লোৱা মহৎ প্ৰচেষ্টাক। হাঁহি থকা মানুহে বহু বছৰ নিৰোগী হৈ জীয়াই থাকিব পাৰে । হাঁহি ভয়ংকৰ কলা। আজিৰ পৰা আৰু বেছিবছৰ জীয়াই থাকিব হ'লে হাঁহিক প্ৰধান সাৰথি কৰি লৈ আমি খোঁজ দিব লাগিব ।"

সভাত বিশিষ্ট অতিথি হিচাপে কবি, গীতিকাৰ, সাহিত্যিক শচীন দাসে কয়- "হাঁহি বিনামূলীয়া প্ৰসাধন । হাঁহিৰে দুখ, বেদনা, কাৰুণ্য নিৰ্মূল কৰিব পাৰি । হাঁহিৰে ৰোগীৰ ৰোগ উপশম কৰিব পাৰি ।" অনুষ্ঠানত পদ্মশ্ৰী প্ৰাপক বিশিষ্ট সাহিত্যিক, সমালোচক ড০ ৰোমান শৰ্মাই সভাত অংশ লৈ কয়- "পৰাগজ্যোতি প্ৰকাশনে লোৱা হাস্যৰসৰ অনুষ্টানটি এক যোগাত্মক চিন্তাৰ ফচল ।"

অনুষ্ঠানত ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ৰূপক জি দুৱৰা, প্ৰশান্ত গগৈ, নৰেশ্বৰ ৰাজবংশী, যোগ গগৈ, ৰুণু দাস, ৰেণু গগৈ, ৰাজু কুমাৰ বৰুৱা, জানু শৰ্মা, ৰাখী চৌধুৰী, সোমানসী ৰাজ কাশ্যপ, মৃণালী চুতীয়া, ডিজেন কাকতী, পংকজ কুমাৰ দাস, মিন্টু দাস, কনক চন্দ্ৰ ডেকা প্ৰভৃতিয়ে ৰস ৰচনা, ব্যংগ গল্প, কবিতা পাঠ কৰে । পাঠ কৰা লিখাসমূহৰ একত্ৰিত সংকলন অচিৰেই প্ৰকাশ কৰা হ'ব ।

চানমাৰিত হাস্য-ব্যংগ সাহিত্য সন্মিলন সমাপন
৫ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ 'চৰাইদেউ মহোৎসৱ ২০২৪'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in