নেহৰু ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰঃ ৫০,০০০ আসন ব্যৱস্থাৰে পুনৰ নিৰ্মাণ...

নেহৰু ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰঃ ৫০,০০০ আসন ব্যৱস্থাৰে পুনৰ নিৰ্মাণ...

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাৰ ভাগতে গুৱাহাটী মহানগৰীৰ নেহৰু ষ্টেডিয়াম পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ষ্টেডিয়ামখনিত ৫০,০০০ আসন যুক্ত গেলাৰী নিৰ্মাণৰ কাম চলি থকা প্ৰকল্পসমূহৰ পৰিদৰ্শন কৰি কামৰ খতিয়ান লয়।

ষ্টেডিয়ামখনিৰ এই প্ৰকল্পৰ জৰিয়তে খেলুৱৈসকলৰ সুবিধা হোৱাৰ উপৰিও ক্ৰীড়া প্ৰচাৰত বৃহৎ পৰিমাণৰ অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে খেলুৱৈৰ সমানে সমানে দৰ্শকৰ উপস্থিতিও জৰুৰী। যাৰ বাবে দৰ্শকৰ সুবিধাৰ্থে ষ্টেডিয়ামৰ গেলাৰীৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

আনহাতে যোৰহাটতো ক্ৰীড়া ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে। ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰখন আৰু এখোজ আগবঢ়াই নিয়াৰ বাবে এই পৰিকল্পনা চৰকাৰৰ।

নেহৰু ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰঃ ৫০,০০০ আসন ব্যৱস্থাৰে পুনৰ নিৰ্মাণ...
লিকাবালিত বনৰক্ষী বাহিনীৰ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in