শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী দ্বীপেন ৰয়ৰ বিয়োগ

শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী দ্বীপেন ৰয়ৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী দ্বীপেন ৰয়ৰ বিয়োগ

ডিজিটেল সংবাদ, গুৱাহাটী: অসমৰ শাস্ত্ৰীয় সংগীত জগতৰ এজনা বিশিষ্ট শিল্পী দ্বীপেন ৰয়ে দেওবাৰে জীৱন নাট সামৰে। বৰ্তমান গুৱাহাটীৰ বেলতলাৰ সমীপৰ জয়ানগৰৰ বাসিন্দা ৰয়ৰ জন্ম হৈছিল ১৯৫০ চনত বৰপেটা জিলাৰ সৰভোগৰ কলিতাপাৰা গাঁৱত। শৈশৱ-কৈশোৰৰ পৰা শাস্ত্ৰীয় সংগীতৰ স'তে জড়িত হোৱা ৰয়ে ভাটখাণ্ডেৰ পৰা শাস্ত্ৰীয় সংগীতত বিশাৰদ আৰু নিপুঁণ ডিগ্ৰী লাভ কৰিছিল।

Advertisment

ভূপাল, লক্ষ্মৌ, কলকাতা, নতুন দিল্লী, শ্বিলংৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰা দ্বীপেন ৰয়ক নতুন দিল্লীত সদৌ ভাৰত শাস্ত্ৰীয় সংগীত মহোৎসৱত ৰাষ্ট্ৰীয় মৰ্যদাৰে সন্মানিত কৰিছিল। তেওঁ জোনালী দুৰ্গা মন্দিৰ শাস্ত্ৰীয় সংগীত বিদ্যাপীঠ, খানাপাৰা জিতেন্দ্ৰ নাথ সংগীত বিদ্যালয়, পল্টন বজাৰ সংগীত কানন আদিত অদ্যপী শাস্ত্ৰীয় সংগীতৰ গুৰু হিচাপে আছিল।

দ্বীপেন ৰয়ৰ শিষ্য আছিল কল্পনা পাটোৱাৰী, অনিন্দিতা পাল, ভাস্কৰজ্যোতি দাস, বন্দিতা ডেকা আদি অসমৰ পৰিচিত শিল্পী। তেওঁ পশুপালন বিভাগৰ এগৰাকী কৰ্মচাৰী হিচাপে ২০১০ চনত অৱসৰ লৈছিল। এইজনা বৰেণ্য শাস্ত্ৰীয় সংগীতৰ শিল্পীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি "বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম" চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়, " আমি হেৰুৱালোঁ এজন নিষ্ঠাবান শাস্ত্ৰীয় সংগীতৰ সাধকক । সহস্ৰজন শিল্পীৰ গুৰু আছিল দ্বিপেন ৰয় । আমি তেওঁৰ পৰা আৰু বহু শিল্পীৰ সৃষ্টি আদায় কৰিব পাৰিলোঁহেতেন। সৰল অন্তৰৰ কলাৰ সাধক ৰয়ে সকলোৰে অন্তৰ জয় কৰিব পাৰিছিল"।

দ্বীপেন ৰয়ৰ বিয়োগত সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিশিষ্ট গীতিকাৰ শচীন দাস আদিয়ে শোক প্ৰকাশ কৰে।

লগতে বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতী, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, "আসাম লুতাদ" ৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিং, "মাহেকীয়া সংযোগ" ৰ সম্পাদক প্ৰশান্ত গগৈ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষি সিনহা, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং" আদি ভিন-ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ মৃত্যুৰ সময়ত পত্নীসহ জী-জোঁৱাই, নাতি, ইষ্ট কুটুম্বসহ বহু আপোনজনক এৰি থৈ যায় ।

Also Read: দৰদী শিল্পী অৰুণ দাসৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

guwahati