মহানগৰীত চোৰৰ উপদ্ৰৱঃ পুৱাই গান্ধীবস্তিত আটক চোৰ

মহানগৰীত চোৰৰ উপদ্ৰৱঃ পুৱাই গান্ধীবস্তিত পানী মটৰ চুৰি কৰা অৱস্থাত আটক এটা চোৰ।

author-image
Asomiya Pratidin
New Update
মহানগৰীত চোৰৰ উপদ্ৰৱঃ পুৱাই গান্ধীবস্তিত আটক চোৰ

ডিজিটেল ডেস্কঃ মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্রাস। বুধবাৰে পুৱাই গান্ধীবস্তিত হাতে-লোটে ধৰা পৰে পৰে আন এটা চোৰ। এটা বাসগৃহত পানীৰ মটৰ চুৰি কৰিবলৈ লওঁতেই আটক কৰা হয় চোৰটোক। 

Advertisment

চোৰটোৰ নাম বাবু তালুকদাৰ বুলি জানিব পৰা গৈছে। চান্দমাৰী ৰে’ল লাইনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। বিগত দিনকেইটাত চোৰৰ সন্ত্রাসত অতিষ্ঠ হৈ পৰিছে মহানগৰবাসী। মহানগৰীৰ বেলতলা, হেঙেৰাবাৰী, গান্ধীবস্তি, পল্টন বজাৰ আদি সকলো ঠাইতে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ।

Also Read: ধেমাজি তেলিজানত মটৰচাইকেল দুঘৰ্টনাঃ উদ্ধাৰ মৃতদেহ

Assam police