উদ্ধাৰ নুনমাটিৰ অপহৃত শিশু

AGRANI KHABAR
AGRANI KHABAR

ডিজিটেল সংবাদ, গুৱাহাটীঃ উত্তৰ গুৱাহাটীত উদ্ধাৰ হ'ল নুনমাটিৰ অপহৃত শিশু। অপহৰণকাৰীৰ মোবাইল ফোন ট্রেক কৰি নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিক । মঙ্গলবাৰে পিতৃয়ে অপহৰণ কৰিছিল শিশুটিক।

উল্লেখ্য যে, অভিযোগ অনুসৰি নুনমাটিৰ নিজৰাপাৰ বাসিন্দা ছফিয়া খাতুনৰ পুত্ৰ ছফিকুল ইছলামক সতীয়া পিতৃ চৰিফুদ্দিন আহমেদে মঙ্গলবাৰে অপহৰণ কৰিছিল। মাতৃ ছফিয়া খাতুন কামলৈ যোৱাৰ সুযোগ লৈ সতীয়া পিতৃয়ে ৭ বছৰীয়া সতীয়া পুত্ৰ ছফিকুল ইছলামক অপহৰণ কৰি নিয়ে। সতীয়া পিতৃ চৰিফুদ্দিন আহমেদে পুত্ৰ ছফিকুল ইছলামক বুধবাৰে সন্ধিয়া ছয় বজাত অপহৰণ কৰা বুলি মাতৃক ফোন কৰি অৱগত কৰে আৰু পুত্ৰ শিশুৰ মুক্তিপণ হিচাপে ডেৰ লাখ টকা দাবী কৰিছিল।

অন্যথা শিশুটিক হত্যা কৰা হ'ব বুলি সতীয়া পিতৃ চৰিফুদ্দিন আহমেদে মাতৃক ভাবুকি দিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগী মাতৃযে নুনমাটি থানাত আজাহাৰ দাখিল কৰাৰ পিছতেই অভিয়ান নামিছিল আৰক্ষী। অৱশেষত পিতৃৰ মোবাইল ফোন ট্রেক কৰি নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিক।

উল্লেখযোগ্য যে পলাতক অৱস্থাত আছে অপহৰণকাৰী পিতৃ চৰিফুদ্দিন। চৰিফুদ্দিনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

AGRANI KHABAR
তিনিচুকীয়াত পিতৃৰ হাতত প্ৰাণ গ'ল দেৱশিশুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in