চিটীবাছেৰে যদি যাত্ৰা কৰে আধাঘণ্টাৰ আগতে থিয় হওক বাছ আস্থানত, কিয়? চাওক VIDEO…

চিটীবাছেৰে যদি যাত্ৰা কৰে আধাঘণ্টাৰ আগতে থিয় হওক বাছ আস্থানত, কিয়? চাওক VIDEO…

author-image
asomiyapratidin
New Update
চিটীবাছেৰে যদি যাত্ৰা কৰে আধাঘণ্টাৰ আগতে থিয় হওক বাছ আস্থানত, কিয়? চাওক VIDEO…

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ আজিৰ দিনটোত যদি আপুনি চিটিবাছৰে যাত্ৰা কৰিম বুলি ভাবিছে তেন্তে নিৰ্ধাৰিত সময়তকৈ কিছু আগতীয়াকৈ ঘৰৰ পৰা ওলাই আহক, কিয়নো বাছ ষ্টপত আপুনি বহু সময়ৰ বাবে নাপাব পাৰে চিটী বাছ। গুৱাহাটীৰ ৰাজপথত আজিৰ দিনটোত চিটীবাছৰ সংখ্যা খুবেই হেৰেঙা। ইয়াৰ কাৰণ হৈছে নিৰ্বাচন।

২৩ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ৰাজ্যৰ চাৰি সমষ্টিত অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ। ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ। নিৰ্বাচনৰ যাৱতীয় কাম-কাজৰ বাবে প্ৰশাসনে মহানগৰীৰৰ প্ৰায় ৯০ শতাংশ চিটীবাছ ব্যৱহাৰ কৰিছে,যাৰফলত যোৱা কেইটামান দিন ধৰি গুৱাহাটীৰ পথত চিটীবাছৰ উপস্থিতি তেনেই হেৰেঙা। যি কেইখন বাছ চলি আছে তাতো দেখা গৈছে মানুহৰ ভিৰ।

চিটীবাছৰ হেৰেঙা উপস্থিতিৰ বাবে জীয়াতু ভুগিছে মহানগৰীৰ সাধাৰণ ৰাইজে। সময়মতে নিজৰ গন্তব্য স্থানত গৈ উপস্থিত হ'বগৈ পৰা নাই বহুলোক। বাছৰ নাটনিত কষ্ট হলেও ৰাজ্যত শেষৰটো পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে পাৰ হৈ যোৱাতো কামনা কৰিছে মহানগৰবাসীয়ে।