চিন্ময় মিছন গুৱাহাটী আৰু জি এন টি চিন্ময় বিদ্যালয়ৰ উদ্যোগত প্ৰাক ৰঙালী বিহু উৎসৱ উদযাপন

চিন্ময় মিছন গুৱাহাটী আৰু জি এন টি চিন্ময় বিদ্যালয়ৰ যৌথ উদ্যোগত আয়োজিত সাংস্কৃতিক সন্মিলনত অসমীয়া নৱবৰ্ষক আদৰণি জনোৱাৰ লগতে প্ৰাক্-ৰাঙালী বিহু উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
চিন্ময় মিছন গুৱাহাটী আৰু জি এন টি চিন্ময় বিদ্যালয়ৰ উদ্যোগত প্ৰাক ৰঙালী বিহু উৎসৱ উদযাপন

ডিজিটেল ডেস্কঃ চিন্ময় মিছন গুৱাহাটী আৰু জি এন টি চিন্ময় বিদ্যালয়ৰ যৌথ উদ্যোগত শুকুৰবাৰে এক সাংস্কৃতিক সন্মিলনৰ আয়োজন কৰা হয়, ত অসমীয়া নৱবৰ্ষক আদৰণি জনোৱাৰ লগতে প্ৰাক্-ৰাঙালী বিহু উদযাপন কৰা হয়। এই সুন্দৰ অনুষ্ঠানত চিন্ময় মিছনৰ সদস্য আৰু জি এন টি বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে একেলগে অংশগ্ৰহণ কৰি এই সাংস্কৃতিক কাৰ্যসূচীক সফল কৰি তোলে।

Advertisment

চিন্ময় মিছন গুৱাহাটী আৰু জি এন টি চিন্ময় বিদ্যালয়ৰ উদ্যোগত প্ৰাক ৰঙালী বিহু উৎসৱ উদযাপন

 এই অনুষ্ঠান উদ্বোধন কৰে ব্ৰহ্মচাৰিণী অনন্যা চৈতন্য জীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিহু বিশেষজ্ঞা ঘুনুষা গগৈ বৰুৱা আৰু বিখ্যাত ফেশ্বন ডিজাইনাৰ তথা ফেশ্বন ব্লুমৰ গৰাকী পাপ্লী গগৈ। অনুষ্ঠানত ব্ৰহ্মচাৰিণী অনন্যা চৈতন্য জীয়ে উদ্বোধনী ভাষণ প্ৰদান কৰাৰ লগতে অন্যান্য অভ্যাগতয়ো বক্তব্য ৰাখে।

সকলোৰে বক্তব্যৰ মূল বিষয় আছিল ৰঙালী বিহু। অতিথিসকলৰ বক্তব্যত ৰঙালী বিহুৰ তাৎপৰ্য, ঐতিহ্যকে ধৰি বহু মনোৰঞ্জনমূলক আৰু তথ্যই উপস্থিত সকলোকে উপকৃত কৰে। অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল জি এন টি চিন্ময় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা গুৱাহাটী চিন্ময় যুৱ কেন্দ্ৰৰ সদস্যসকলৰ দ্বাৰা পৰিৱেশিত বিহু নৃত্য পৰিবেশন। তেওঁলোকে পৰিবেশন কৰা বিহু নৃত্যই সকলোৰে মন জয় কৰে।

চিন্ময় মিছন গুৱাহাটী আৰু জি এন টি চিন্ময় বিদ্যালয়ৰ উদ্যোগত প্ৰাক ৰঙালী বিহু উৎসৱ উদযাপন

পাছত তেওঁলোকৰ সৈতে উপস্থিত সকলোৱে একেলগে বিহু নাচি অনুষ্ঠানটোক জীপাল কৰি তোলে। অনুষ্ঠানৰ সমাপ্তিত অতিথি তথা সকলো সদস্যৰ বাবে পৰম্পৰাগত অসমীয়া জলপান আপ্যায়নৰো ব্যৱস্থা কৰা হয়।

ৰঙালী উৎসৱ ৰঙালী বিহু