/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/05b1c4b1-d05e-4d92-bfb3-f3627565567a/himanta_da.jpg)
প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ৰাজ্যত কা আন্দোলনঃ হঠাৎ দিল্লীলৈ যাত্ৰা মুখ্যমন্ত্ৰীৰ
হঠাৎ দিল্লীলৈ মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মা।
বৃহস্পতিবাৰে পুৱা এক সংবাদ মেল সম্বোধন কৰিছিল ড০ শৰ্মাই।
তাৎপৰ্যপূৰ্ণভাৱে তাৰ পাছতে বিশেষ বিমান যোগে দিল্লীলৈ যাত্ৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুদিনীয়া অসম ভ্ৰমণৰ পূৰ্বে হঠাৎ মুখ্যমন্ত্ৰীৰ দিল্লী গমন লক্ষ্যণীয়।
ৰাজ্যত সমান্তৰালভাৱে আৰম্ভ হৈছে 'কা' আন্দোলন।
সদৌ অসম ছাত্ৰ সন্থাই 'কা'ৰ বিৰোধিতাৰে ৰাজ্যজুৰি বাহিৰ কৰিছে বাইক ৰেলী।
এ জে ৱাই চি পিয়েও এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰূপায়ণ কৰি আছে।
বিৰোধী ৰাজনৈতিক দলসমূহে কলিয়াবৰত ৮ মাৰ্চত বহিব কাৰ বিৰোধিতাৰে অৱস্থান ধৰ্মঘটত।
গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাজু কৰি থোৱা হৈছে বাঁহৰ বেৰিকেড।
তেনে এক পৰিৱেশৰ মাজতে ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে মুখ্যমন্ত্ৰীৰ এই দিল্লী যাত্ৰাই দিছে গৈছে বহু ইংগিত।
Also Read: ছয়মাইলত সংঘটিত দুৰ্ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজুঃ চালকক সোধপোছ...