Soroptimist International ৰ গুৱাহাটী শাখা গঠন...

Soroptimist International ৰ গুৱাহাটী শাখা গঠন...

author-image
Asomiya Pratidin
New Update
Soroptimist International ৰ গুৱাহাটী শাখা গঠন...

Soroptimist International ৰ গুৱাহাটী শাখা গঠন...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ ফেকাল্টি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত  Soroptimist International (SI)ৰ এক নতুন শাখা গঠন কৰা হয়। এই নতুন শাখাটো ভাৰতৰ ২১ সংখ্যক শাখা হিচাপে চিহ্নীত হৈছে।

Advertisment

এই অনুষ্ঠানত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে Soroptimist International Great Britain & Ireland ৰ সভানেত্ৰী ৰুথ হিলী। নৱ গঠিত এই শাখাত বিভিন্ন পেছাত জড়িত ১৪ জন সদস্য অন্তৰ্ভুক্তি হৈছে। উল্লেখ্য যে বিশ্বজুৰি Soroptimist International (SI) ৰ সৈতে ১১৮ খন দেশৰ ৭০ হাজাৰৰো অধিক মহিলা জড়িত হৈ আছে। তেওঁলোকে মহিলা সৱলীকৰণৰ বাবে কাম কৰি আহিছে।   

অনুষ্ঠানত নতুন শাখাটোৰ সভানেত্ৰীৰ দায়িত্ব দিয়া হৈছে ড০ মিতালী গোস্বামীক।তেওঁ NASI ৰ নিৰ্বাচিত ভাৰতৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেইনা শ্বাহ, SIGBIৰ এছিচটেণ্ট প্ৰগেম ডাইৰেক্টৰ অনিথা ৰাজাৰাজনে  Soroptimist Internationalৰ সংগঠন উন্নয়ন আৰু সদস্য ভৰ্তিৰ কাৰ্যকলাপ সম্পন্ন কৰে।

অনিথা ৰাজাৰাজনে তেওঁৰ অভিনন্দন বাৰ্তাত ড০ গোস্বামীৰ নেতৃত্ব আৰু এছ আই গুৱাহাটী দলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। নতুনকৈ গঠন কৰা এই শাখাটোত তেওঁ এক শক্তিশালী যাত্ৰাৰ আৰম্ভণি বুলিও উল্লেখ কৰে। তেওঁ কয় এই শক্তিশালী যাত্ৰাই নিঃসন্দেহে জীৱন সলনি কৰিব।

অনুষ্ঠানটোত মুখ্য অথিতি হিচাপে উপস্থিত থকা কনফেডাৰেচন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ পূৰ্বৰ মুৰব্বী নন্দিনী কলিতাই তেওঁৰ ভাষণত উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিৱৰ্তন, বিশেষকৈ গ্ৰাম্য অঞ্চলত মহিলা উদ্যোগীসকলৰ উত্থানৰ বিষয়ে আলোকপাত কৰে। সেৱা খণ্ডৰ অংশ হিচাপে এই মহিলা উদ্যোগীসকলে জিডিপিলৈ অৰিহণা যোগায় আহিছে বুলিও তেওঁ কয়। তেওঁ এই অঞ্চলটোৰ উন্নয়নত মহিলাসকলক অৱদান আগবঢ়োৱাৰ ক্ষেত্ৰত এছ আই, গুৱাহাটীয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰিব বুলিও আশা প্ৰকাশ কৰে।

অনুষ্ঠানত দেশৰ আন ছটা এছ আই শাখা ক্ৰমে মাদুৰাই, বেংগালুৰু, কইম্বাটুৰ, চেন্নাই, দিল্লী আৰু দক্ষিণ কলকাতাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে।

নৱ গঠিত এই শাখাটোৱে সমগ্ৰ বিশ্বতে থকা এছ আইৰ আন আন শাখাসমূহৰ পৰাও শুভেচ্ছামূলক বাৰ্তা লাভ কৰিছে বুলি জনাইছে। এছ আইৰ সভাপতি ছিউ য়ং গ্নালিংগামে এছআই গুৱাহাটীক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকক আন্তৰ্জাতিক Soroptimist sisterhood লৈ স্বাগতন জনায়।

তেওঁৰ বাৰ্তাত মহিলা আৰু ছোৱালীসকলক তেওঁলোকৰ সম্ভাৱনা উপলব্ধি কৰাত সহায় কৰাৰ বাবে সংগঠনটোৰ শতিকাজোৰা প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এছ আই গুৱাহাটী শাখাক তেওঁ শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কও গঢ়ি তুলিবলৈ আহ্বান জনায়।

এছ আই ইউৰোপৰ সভানেত্ৰী Hafdís Karlsdóttir য়ে  এই এছ আই গুৱাহাটী শাখা গঠনক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰিছে। এনএএছআই ইণ্ডিয়াৰ সভানেত্ৰী নিশা ঘোষেও এছ আই গুৱাহাটীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এছ আই গুৱাহাটীয়ে ইতিমধ্যে ছটাকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইউ এছ টি এমৰ সহযোগত গ্ৰহণ কৰা এই পদক্ষেপ সমূহ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সৈতেও জড়িত।

সেই অনুসৰি তেওঁলোকে ২০২৩ ৰ ২১ ছেপ্টেম্বৰৰ বিশ্ব শান্তি দিৱসৰ দিনা মেঘালয়ৰ ৰিভয় জিলাত স্বাস্থ্য আৰু শিশুযত্ন সচেতনতাৰ ওপৰত আলোচনা, ২০২৩ ৰ ২৬ ছেপ্টেম্বৰৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱসত উমডুবা গাঁৱৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক চিকিৎসা বাকচ বিতৰণ, ১৬ মাৰ্চ, ২০২৪ ত গুৱাহাটীৰ চিৰিয়াখানাত গৃহ হিংসাৰ ওপৰত ‘Hidden Pandemic’ বিষয় হিচাপে লৈ মাইম প্ৰদৰ্শন, ২৬ মেত গুৱাহাটীত গৃহকৰ্মীসকলৰ বাবে লিংগ সংবেদনশীলতা, বিত্ত, আৰু শিক্ষাৰ ওপৰত ‘এম্পাৱাৰ হাৰ’ শীৰ্ষক  কৰ্মশালা, ৫ আগষ্ট, ২০২৪ ত উমডুবা গাঁৱত স্থানীয় মহিলাসকলৰ মাজত গছপুলি বিতৰণ, বৃক্ষ ৰোপণ আৰু ১ অক্টোবৰ ২০২৪ত এক্সিছ বেংক আৰু শিশু বিকাশ কেন্দ্ৰৰ সহযোগত মহিলা কৰ্মচাৰী আৰু শিক্ষাবিদৰ মাজত বিত্তীয় সাক্ষৰতা সজাগতা কাৰ্যসূচী আৰু ডিজিটেল দক্ষতা বৃদ্ধিৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়।

Also Read: চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন...

Soroptimist International মহিলা সৱলীকৰণ