চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন...

ছাত্ৰ-ছাত্ৰী সকলৰ সমস্যা সমাধানৰ বাবে কাম কৰি যাবলৈ বিজয়ীসকলৰ প্ৰতি আহ্বান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত শইকীয়াৰ

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন...

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন...

ডিজিটেল সংবাদ, চিলাপথাৰঃ ধেমাজি জিলাৰ এক অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অলপতে অনুষ্ঠিত হৈ যায়। ১৩ টা বিভিন্ন পদবীৰ বিপৰীতে অনুষ্ঠিত নিৰ্বাচনত ক্ৰমে বিবেক শৰ্মাই উপ সভাপতি, কৃষ্ণৰাম কুলি সাধাৰণ সম্পাদক, খগেন মৰাং সহকাৰী সাধাৰণ সম্পাদক, গোবিন্দ পায়েং আলোচনী সম্পাদক, তনুজা মিলি সংস্কৃতিক সম্পাদিকা, চিলা গুৰুঙ সমাজ সেৱা সম্পাদিকা, বিক্ৰম চেত্ৰীয়ে তৰ্ক আৰু নাট্য, মানস পেগু গুৰু ক্ৰীড়া, নিহাল টায়ে লঘু ক্ৰীড়া, কুনো বেদপাৰ্যই শৰীৰ চৰ্চা, হিৰক জ্যোতি পেগু ছাত্ৰ জিৰণি চ'ৰা আৰু বৰ্ষা বৰগোঁহাই ছাত্ৰী জিৰণি চ'ৰাৰ সম্পাদিকা হিচাপে নিৰ্বাচিত হয়।

ইয়াৰ বিপৰীতে সম্প্রতিও খালী হৈ আছে একতা সভাৰ সভাপতিৰ আসনখন। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অংকুশ চেত্ৰীয়ে মুখ্য নিৰ্বাচনী বিষয়া হিচাপে উপস্থিত থকা নিৰ্বাচনৰ পৰ্যবেক্ষক আছিল ক্ৰমে সহকাৰী অধ্যাপিকা ড০ পল্লবী দত্ত,ড০ দীপা পাতিৰ আৰু জোনমণি বুঢ়াগোহাঁই।

নিৰ্বাচন সূচাৰুৰূপে অনুষ্ঠিত কৰা বাবে সকলোকে ধন্যবাদ জনোৱাৰ লগতে অধ্যয়নৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী সকলৰ সমস্যা সমাধানৰ বাবে কাম কৰি যাবলৈ বিজয়ীসকলৰ প্ৰতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত শইকীয়াই আহ্বান জনায়।

Also Read: চিৰাং সত্ৰ ন্যায়াধীশ আদালতে ৬ জনক দিলে যাৱজ্জীৱন কাৰাদণ্ড, ১০ হাজাৰৰ জৰিমণা...

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়