সৰপাৰাৰ বিশিষ্ট শিল্পী, সমাজকৰ্মী চবিন চৌধুৰীৰ বিয়োগ

সৰপাৰাৰ বিশিষ্ট শিল্পী, সমাজকৰ্মী চবিন চৌধুৰীৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
সৰপাৰাৰ বিশিষ্ট শিল্পী, সমাজকৰ্মী চবিন চৌধুৰীৰ বিয়োগ

ডিজিটেল সংবাদ,গুৱাহাটী: ‌কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ সৰপাৰা গাঁৱৰ বাসিন্দা, বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, একালৰ সুদক্ষ ভলীবল খেলুৱৈ, বৃহত্তৰ অঞ্চলটোৰ সৰহবৰহী ব্যক্তি চবিন চৌধুৰীয়ে ১৯ ছেপ্টেম্বৰত ৭৩টা বসন্ত গছকি অহা বাটে ঘূৰি যায়।

Advertisment

১৯৫১ চনত হৰিচৰণ চৌধুৰীৰ ঔৰসত আৰু অহল্যা চৌধুৰীৰ গৰ্ভত ওপজা চবিন চৌধুৰী যুৱ অৱস্থাৰ পৰা অভিনয়ৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ আছিল। পঢ়ি থকা অৱস্থাৰ পৰা অপেছাদাৰী নাট্য দলৰ সতে সংপৃক্ত আছিল। পঢ়া‌ সাং কৰি "সুৰদেৱী থিয়েটাৰ"ত অভিনয় কৰিছিল। অপেছাদাৰী আৰু থিয়েটাৰত প্ৰতিদান, ঘৰ সংসাৰ, ৰাজ্যৰ ৰজা, সংঘাত, পিয়লি ফুকন, মকৰা জাল, এই ঘৰ‌ এই মাটি, অনুপমা মোৰ, বন বেদনাৰ জুই, আমাক এমুঠি অন্ন লাগে আদি অসংখ্য নাটকত অভিনয় কৰাৰ লগতে তেওঁ প্ৰায় ‌কুৰি খন নাটক ৰচনা, ৮০ খনৰো‌ অধিক নাটক পৰিচালনা কৰিছিল।

উল্লেখ কৰিব পাৰি যে "কালা‌ বাজাৰ" নামৰ একাংকিয়া নাটখনি‌ পৰিচালনা কৰাৰ লগতে "ক'লা বেপাৰী" চৰিত্ৰত অভিনয় কৰি তেওঁ দলীয় আৰু একক ভাৱে ভালেমান বঁটা লাভ কৰিছিল। পিছলৈ থিয়েটাৰৰ পৰা আঁতৰি আহি কৰ্মজীৱন "বিজুলী ভৱন"ত মকৰল হৈ ২০২০ চনৰ এপ্ৰিল মাহত অৱসৰ গ্ৰহণ কৰে। যুৱ অৱস্থাত এজন সুদক্ষ ভলীবল খেলুৱৈ হিচাপে জনাজাত আছিল।

চৌধুৰী আমৃত্যু "অসম গণ পৰিষদ"ৰ স'তে জৰিত আছিল। ১৯৯৩ চনত সৰপাৰা চৌধুৰী পাৰা ৰাইজৰ সম্পাদক আছিল। ইয়াৰ উপৰি ভালেমান অনুষ্ঠানৰ সতে জৰিত আছিল। তেওঁৰ বিয়োগত‌ অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী, আহ্বায়ক অৱনী ৰঞ্জন পাঠক, প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী, বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মা, অসম‌ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাস প্ৰমুখ্যে ভালেমান দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

Also Read: ৰাষ্ট্ৰীয় ৰাজধানীত "উত্তৰ-পূব ভাৰতৰ বিকাশৰ ইঞ্জিন ৰূপে অসম" শীৰ্ষক বক্তৃতানুষ্ঠান...

chabin chaudhury