/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/949460d4-0806-4a49-a857-cf7092f5cc86/207.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : ঘোঁৰামাৰা শিৱ মন্দিৰ যোগ শিবিৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানটি যোৱা ১মে'ৰ দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। উক্ত দিনা পুৱা ৬-০০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত ঘোঁৰামাৰা শিৱ মন্দিৰ যোগ শিবিৰৰ যোগগুৰু অনিল ৰয় আৰু ভেটাপাৰা শিবিৰৰ যোগগুৰু খগেন দাসক গুৰু ভজন ও গুৰু মান্যতাৰে সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/50de7b5b-cd73-4674-a2e6-f2983e769ab6/f9019c27_39ca_44f4_9ead_0fafa7d7ea8a.jpg)
অনুষ্ঠানত পশ্চিম অসম পতঞ্জলি যোগ শিবিৰসমূহৰ প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰ, নেমকেয়াৰ হাস্পতালৰ বাৰ্ন বিশেষজ্ঞ ডা০ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত দুয়োগৰাকী অতিথিক সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/334b4b5e-0e50-4a3d-808c-db7709196d2d/c77e6181_a445_41d5_8258_dafd864107a5.jpg)
লগতে মুখ্য অতিথিদ্বয়ে শৰীৰ সুস্থ ৰখাৰ ক্ষেত্ৰত যোগ- প্ৰাণায়ামৰ প্ৰয়োজনীয়তা তথা উপকাৰিতা বিষয়ৰ ওপৰত অৰ্থপূৰ্ণ বক্তব্য ৰাখে। ডা০ শৰ্মাই শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ সৈতে যোগৰ সম্পৰ্ক ও উপকাৰিতা আদিৰ ওপৰত সুন্দৰ বিশ্লেষণ দাঙি ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2108d4fb-c00c-4eb2-b2a2-8ff124c07741/4a947f2a_70e4_42a8_8a9a_a54503b1c35e.jpg)
অনুষ্ঠানত ভেটাপাৰা আৰু ঘোঁৰামাৰাৰ দুয়োটা শিবিৰৰ যোগীসকলে অংশগ্ৰহণ কৰে। অঞ্চলটোৰ ভালেসংখ্যক শুভাকাংখী তথা ঘোঁৰামাৰা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সদস্যসকলো এই অনুষ্ঠানত উপস্থিত থাকে।
উক্ত অনুষ্ঠানত যোগীসকলে যোগ প্ৰাণায়ামৰ ওপৰত আহৰণ কৰা অভিজ্ঞতা আৰু উপকাৰিতাৰ বিষয়ে অভিমত ব্যক্ত কৰে। স্থানীয় শিশু যোগী দেৱাঞ্জনা ভট্টাচাৰ্যও প্ৰদৰ্শনীমূলক যোগ প্ৰদৰ্শন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b786be2a-61d0-4921-8606-684e8241dc80/c34f017c_e4f3_4438_9dc2_5b988c4c52cb.jpg)
শিবিৰটোৰ যোগীসকলৰ আশাশুধীয়া প্ৰচেষ্টাত সাফল্যমণ্ডিত হোৱা তথা বিভিন্ন গীত-মাতেৰে মুখৰিত এই অনুষ্ঠানটিয়ে অঞ্চলটোৰ ৰাইজক যোগৰ প্ৰতি আকৃষ্ট কৰিব বুলি আয়োজক শিবিৰে আশা প্ৰকাশ কৰে। লগতে অনুষ্ঠানত উপস্থিত থকা সদৌটিলৈ শলাগৰ শৰাই আগবঢ়ায়। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰে অনুষ্ঠানৰ সামৰণি পৰে।