/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/48j8b4j9/198.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : সমগ্ৰ দেশৰ লগতে আজি ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থায়ো দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস অতি উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰে। পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/qg5wx2gi/e70f065a-3c2c-4c01-87bd-c368d03b7878.jpg)
শ্বহীদ তৰ্পণ কৰে অসমৰ প্ৰাক্তন শিক্ষাধিকৰ্তা ৯৬ বছৰীয়া দধিৰাম ব্ৰহ্মই। ১০ বজাত সম্পাদক কন্দৰ্প কুমাৰ নাথে পৰিবেশন কৰা এটি দেশ বন্দনাৰে আৰম্ভ কৰা মুকলি সভাত সভাপতিত্ব কৰে দেৱেন্দ্ৰ নাথ বসুমতাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/wd4r4w9p/5540759e-3c53-4024-92c5-a2cfa7d23f3b.jpg)
সংস্থাৰ প্ৰাক্তন সভাপতি ৰজনীকান্ত শৰ্মাই স্বাধীনতা দিৱসৰ বিভিন্ন দিশ সামৰি এক তত্ত্বগধুৰ ভাষণ দিয়ে। প্ৰাক্তন উপ সভাপতি নীহাৰেন্দ্ৰ চৌধুৰী, কাৰ্যনিৰ্বাহক সদস্য ডা: প্ৰেমেশ্বৰ নাথ, মধুমিতা দাস বৰা, কিৰণ কলিতা আৰু উপেন্দ্ৰ চন্দ্ৰ শৰ্মায়ো দিৱসৰ লগত সংগতি ৰাখি বক্তব্য আগবঢ়ায়।
আজিৰ মুকলি সভাৰ মুখ্য বক্তৃতাৰ বিষয় "স্বাধীনতা আমি কেনেকৈ পালোঁ" শীৰ্ষক বক্তৃতা প্ৰদান কৰে সংস্থাৰ উপদেষ্টা ড০ ফণী ডেকাই। বীণাপাণি বৰ্মন,দিপ্তী ভড়ালী, গীতি তালুকদাৰ,জয়মতী ডেকা, বিমলা দেৱী আৰু দেৱজানী দেৱীয়ে অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত এটি সমবেত কণ্ঠৰ গীত পৰিৱেশন কৰাৰ লগতে আজিৰ সভাত সংস্থাৰ বয়োজ্যেষ্ঠ সদস্য হৰেন্দ্ৰ নাথ তালুকদাৰৰ এটি কবিতা পাঠ কৰে অনিলা দৈমাৰী শৰ্মা, বিমলা দেৱীয়ে কবি নলিনীবালা দেৱীৰ এটি চিৰসেউজ কবিতা আবৃত্তি কৰে গীতি তালুকদাৰ আৰু কিৰণ কলিতাই এটিকৈ স্বৰচিত কবিতা পাঠ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/qois39s1/ed7a911e-5e2a-4983-aa3f-fe3c98c5992e.jpg)
সংস্থাৰ সদস্য অনিল গোস্বামীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত পৰিৱেশন কৰে। সমাদৃত আবৃত্তিকাৰ জুৰি মহন্ত শইকীয়া আৰু তেওঁৰ পুত্ৰ সমূদ্ৰজ্যোতি কাশ্যপে এটি সুন্দৰ কবিতাৰ আবৃত্তি আৰু কাব্যানুষ্ঠান আগবঢ়ায়। সভাত ৰূপনগৰ শাখা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ নাথ ভট্টাচাৰ্যয়ো স্বাধীনতা দিৱসৰ ওপৰত এটি সুন্দৰ ভাষণ প্ৰদান কৰে।
Also Read: লাল কিল্লাত মোডীয়ে দিলে ইংগিতঃ কেন্দ্ৰৰ পৰৱৰ্তী লক্ষ্য অভিন্ন দেৱানী বিধি...