ছয়মাইলৰ পশু চিকিৎসালয়লৈ চি ই চিৰ সহায়ৰ হাত...

৬ খন বৈদ্যুতিক ফেন প্ৰদান ..

author-image
Asomiya Pratidin
New Update
ছয়মাইলৰ পশু চিকিৎসালয়লৈ চি ই চিৰ সহায়ৰ হাত...

ডিজিটেল ডেস্কঃ পিপল ফৰ এনিমলছ গুৱাহাটীৰ দ্বাৰা পৰিচালিত চচল ছয়মাইলস্থিত পশু চিকিৎসালয়খনত আশ্ৰয় লৈ থকা জন্তুবোৰৰ বাবে অসমৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান চিইচিৰ তৰফৰ পৰা আজি ৬ খন বৈদ্যুতিক ফেন প্ৰদান কৰা হয়৷

Advertisment

পিপল ফৰ এনিমলছ গুৱাহাটীৰ সভাপতি দীপাংকৰ দত্ত তথা চেয়াৰপাৰ্চন ইন্দিৰা আম্মাই মঙলবাৰে চি ই চিৰ মুখ্য কাৰ্য্যালয়ৰ মহাপ্ৰৱন্ধক শ্ৰীযুত খগেন শৰ্মা আৰু কাৰ্য্যবাহী সঞ্চালক জ্যোতিৰূপম দত্তৰ পৰা সামগ্ৰীখিনি গ্ৰহণ কৰে ৷

উল্লেখ্য যে, পিপল ফৰ এনিমলছ হ’ল ভাৰতৰ অন্যতম প্ৰাণী কল্যাণমূলক সংগঠন৷ ১৯৯২ চনত মানেকা গান্ধীয়ে প্ৰতিষ্ঠা কৰা এই সংগঠনটোৰ গুৱাহাটী শাখাৰ দ্বাৰা ইতিমধ্যে চচল, ছয়মাইলত এখন পশু চিকিৎসালয় পৰিচালনা কৰা হৈ আছে। পিপল ফৰ এনিমলছৰ বহু স্বেচ্ছাসেৱকে বিভিন্ন প্ৰাণী কল্যাণমূলক কামত নিয়োজিত হৈ আছে৷

Also Read: নগাঁও কলেজ (অট’নমাচ) ত এন এছ এছৰ বিশেষ শিবিৰ উপলক্ষে ৰক্তদান শিবিৰ সম্পন্ন

Six Mile Veterinary CEC