নগাঁও কলেজ (অট’নমাচ) ত এন এছ এছৰ বিশেষ শিবিৰ উপলক্ষে ৰক্তদান শিবিৰ সম্পন্ন

নগাঁও কলেজ (অট’নমাচ) ত এন এছ এছৰ বিশেষ শিবিৰ উপলক্ষে ৰক্তদান শিবিৰ সম্পন্ন

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজ (অট’নমাচ) ত এন এছ এছৰ বিশেষ শিবিৰ উপলক্ষে ৰক্তদান শিবিৰ সম্পন্ন

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও কলেজ (অট’নমাচ) ৰ এন এছ এছ গোট আৰু ৰেড ৰিবন ক্লাৱৰ উদ্যোগত, অসম ৰাজ্যিক ৰক্ত সঞ্চালন পৰিষদৰ অধীনস্থ ভাৰতীয় ৰেড ক্ৰচ চ’চাইটি, জিলা শাখাৰ সহযোগত এন এছ এছৰ বিশেষ শিবিৰৰ লগত সংগতি ৰাখি আজি ৰক্তদান শিবিৰ আয়েজন কৰা হয়।

Advertisment

নগাঁও কলেজ (অট’নমাচ) ৰ এন এছ এছৰ কাৰ্যসূচী বিষয়া ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও জিলা ৰেড ক্ৰচ চ’চাইটি শাখাৰ সম্পাদিকা ডলি বৰাই। তেখেতে ৰত্তদানৰ বাবে আগবাঢ়ি অহা ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে।

ৰেড ক্ৰচ চ’চাইটিৰ সদস্য তথা নগাঁও জিলাৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দিলীপ শৰ্মাই আজি শিবিৰত উপস্থিত থাকি ৰক্তদান জীৱন দান বুলি মন্তব্য কৰে। নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ৰক্ত কোষৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ চন্দন শৰ্মাই এই শিবিৰত অংশগ্ৰহণ কৰে।

ডাঃ শৰ্মাই ৰক্তদানৰ উপকাৰিতা আৰু গুৰুত্বৰ বিষয়ে অৱগত কৰে। ৰক্তদান কৰি কিদৰে নিজৰ স্বাস্থ্যক সবল কৰি ৰাখিব পাৰি সেই সম্পৰ্কে তেওঁ অৱগত কৰে। নগাঁও জিলাৰ ৰক্ত কোষ ৰ কাউন্সিলৰ ৰিকু দত্তই এই শিবিৰত অংশগ্ৰহণ কৰি সকলোকে নিজৰ জন্মদিনত একোটাকৈ ৰক্ত গোট দান কৰি সমাজৰ উপকাৰ সাধন কৰিবৰ বাবে আহ্বান জনায়।

ৰক্তদানৰ গুৰুত্বৰ কথা কোৱাৰ লগতে তেখেতে ৰক্তদান কাৰ্যসূচীৰ তত্ত্বাৱধান কৰে। নগাঁও কলেজত আজি অনুষ্ঠিত এই শিবিৰৰ পৰা ৰক্ত কোষ লৈ আজি ২২টা তেজৰ গোট প্ৰেৰণ কৰা হয়।কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে এই কাৰ্যসূচীলৈ স্ব ইচ্ছাই আগবাঢ়ি আহি ৰক্তদান কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

তদুপৰি ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে যিকোনো অৱস্থাত ৰক্তদান কৰিবলৈ সাজু থকা বুলি জানিব দিয়াৰ লগতে তেওঁলোকৰ নামসমূহ ৰক্তদানৰ বাবে পঞ্জীয়ন কৰে। ডাঃ চন্দন শৰ্মা আৰু ৰিকু দত্তৰ তত্ত্বাৱধানত এটি দহজনীয়া দলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নগাঁও জিলাৰ আৰক্ষীৰ দহজনীয়া এটি দলে এই শিবিৰত ৰক্তদান কৰে। এই কাৰ্যসূচীত কলেজৰ শিক্ষক, অনাশিক্ষক কৰ্মচাৰী আৰু শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সহযোগিতা আগবঢ়ায়। এই অনুষ্ঠানত উপস্থিত থাকে বি.এম. এল. টি বিভাগৰ সহকাৰী অধ্যাপক ক্ৰমে সুদ্দীপ্ত নাথ আৰু কল্যাণী অধিকাৰী।

Also Read: বাসুগাঁৱত ১৭ বছৰীয়া কিশোৰী সন্ধানহীন

nagaon collage Blood Donation