Advertisment

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা

অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ১০ জানুৱাৰীত দিনৰ ১০.৩০ বজাত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা  

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ১০ জানুৱাৰীত দিনৰ ১০.৩০ বজাত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । কেৰিয়াৰ সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মা। 

Advertisment

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা  

ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে আই.টি.আই.ৰ বিভিন্ন ট্রেড, পলিটেকনিকৰ তিনি বছৰীয়া ডিপ্লমাৰ বিভিন্ন পাঠ্যক্রম আৰু উচ্চতৰ মাধ্যমিকত  শাখা  তথা   বিষয় নিবাৰ্চন কেনেকৈ কৰিব লাগে সেই বিষয়ে বিষদ বাখ্যা আগবঢ়ায়। কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাৰ পাঠ্যক্রমতে ভালদৰে উত্তীৰ্ণ হৈ শিক্ষাৰ্থীসকলে নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে বুলি উল্লেখ কৰে।

ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ, পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থীসকলে কেৰিয়াৰ নিৰ্বাচন কৰিলে সুফল লাভ কৰিব পাৰে বুলি জানিবলৈ দিয়ে। ড° বুঢ়াগোহাঁয়ে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে।

শিক্ষাৰ্থীসকলে সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিবলৈ ড° বুলজিৎ বুঢ়াগোহাঁয়ে  শিক্ষাৰ্থীসকলক পৰামৰ্শ দিয়ে ।

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা  

কেৰিয়াৰ পৰামৰ্শদাতাগৰাকীয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান আগবঢ়োৱাৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে ।  

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰীতা বসুমতাৰী আৰু আন শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থকা কেৰিয়াৰ সজাগতা সভাখনত আনজন সমল ব্যক্তি প্ৰাঞ্জল শৰ্মাই শিক্ষাৰ্থীসকলৰ হবিৰ গুৰুত্ব উল্লেখ কৰি কয় যে যে এগৰাকী ব্যক্তিৰ হবি কেৱল মনোৰঞ্জন বা অৱসৰৰ সময়ত কৰা কাম নহয়, বৰঞ্চ সেয়া জীৱন-জীৱিকাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে।

তদুপৰি, শৰ্মাই অসম ডন বস্ক’বিশ্ববিদ্যালয়ে আগবঢ়োৱা বিভিন্ন পাঠ্যক্রম - অভিযান্ত্ৰিক, কলা, বাণিজ্য, বিজ্ঞান, ব্যৱস্থাপনা, ফাৰ্মাচী আদি বিভিন্ন বিভাগৰ স্নাতক, স্নাতকোত্তৰ, আৰু পি.এইচ.ডি. পাঠ্যক্রমবোৰৰ বিষয়ে উল্লেখ কৰে । সভাখনৰ পৰা শিক্ষাৰ্থীসকলে বিশেষভাৱে উপকৃত হোৱা বুলি মন্তব্য প্ৰকাশ কৰে।

কেৰিয়াৰ সজাগতা কৰ্মশালা কেৰিয়াৰ