কৰ্কট ৰোগৰ 'হটস্পত' অসম! প্ৰতি বছৰে ৰোগাক্ৰান্তৰ ৫০ শতাংশৰে মৃত্যু...
কৰ্কট ৰোগৰ 'হটস্পত' অসম! প্ৰতি বছৰে ৰোগাক্ৰান্তৰ ৫০ শতাংশৰে মৃত্যু...

কৰ্কট ৰোগৰ 'হটস্পত' অসম! প্ৰতি বছৰে ৰোগাক্ৰান্তৰ ৫০ শতাংশৰে মৃত্যু...

এই সমূহ লক্ষণ দেখা দিলেই কাষ চাপক চিকিৎসকৰ

ডিজিটেল ডেস্কঃ যোৱা ৫ বছৰতে অসমত কৰ্কট ৰোগত আক্ৰান্ত হৈছে মুঠ ১ লাখ ৮৯ হাজাৰ ৪৭৮ জন লোক। ইয়াৰ ভিতৰত ২০১৮ ৰ পৰা ২০২২ লৈ ১ লাখ ১৪ হাজাৰ ১৯৫ গৰাকী কৰ্কট আক্ৰান্ত লোকৰেই মৃত্যু হৈছে।

অসম বিধানসভাত দাখিল কৰা এই তথ্যই অসমৰ কৰ্কট ৰোগৰ ভয়াৱহ ছবিখন স্পষ্ট কৰিছে। কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে চৰকাৰে বিভিন্ন সজাগতামূলক কাৰ্যসূচী হাতত লৈছে যদিও প্ৰতি বছৰেই অসমত কৰ্কট ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি হে পাইছে। সমান্তৰালকৈ বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যাও।

চৰকাৰী তথ্য অনুসৰিয়েই অসমত প্ৰতি বছৰে বৃদ্ধি পাই আহিছে কৰ্কট ৰোগীৰ সংখ্যা। প্ৰতি বছৰে অসমত প্ৰায় ৫০ হাজাৰ লোক এই ৰোগত আক্ৰান্ত হয়। ইয়াৰে ৫০ শতাংশ অৰ্থাৎ ২৫ হাজাৰ ৰোগীৰে মৃত্যু হয়।

চৰকাৰী তথ্য অনুসৰিয়েই অসমত ২০১৮ চনত ২১,৭১৫ গৰাকী লোক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ২০১৯ ত ২২,২৬১ গৰাকী, ২০২০ত ২২,৮২৪ গৰাকী, ২০২১ ত ২৩,৩৯৫ গৰাকী আৰু ২০২২ ত ২৪,০০০ গৰাকী লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। এইদৰেই প্ৰতি বছৰে অসমত বৃদ্ধি পাই আহিছে কৰ্কট ৰোগীৰ সংখ্যা।

এনে পৰিস্থিতিত অসম হৈ পৰিছে কৰ্কট ৰোগৰ কেন্দ্ৰস্থল। কৰ্কট ৰোগৰ এনে ভয়াৱহতা কেৱল অসমতেই নহয় দেশৰ আন ৰাজ্যৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যত বৃদ্ধি পাইছে।

এই ৰাজ্যসমূহৰ তালিকাত অসমৰ উপৰিও আছে মিজোৰাম, মেঘালয় আৰু অৰুণাচলো। সৰ্বাধিক কৰ্কট ৰোগী চিনাক্ত হোৱা দেশৰ ১০ খন শীৰ্ষ ৰাজ্যৰ তালিকাত আছে এই আটাইকেইখন ৰাজ্য।

বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনস্থ সংস্থা International Agency for Research on Cancerৰ ২০২২ চনৰ এক তথ্য অনুসৰি ভাৰতত ১৪.১ লাখতকৈও অধিক নতুন কৰ্কট ৰোগী চিনাক্ত হৈছে। ইয়াৰে ৯.১ লাখৰো অধিক লোকৰ মৃত্যু হৈছে।

আন এক তথ্য অনুসৰি আকৌ ভাৰতৰ প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ১১০ জন লোকেই কৰ্কট ৰোগত আক্ৰান্ত হয়। সৰ্বভাৰতীয় পৰ্যায়ৰ এনে দৃশ্যপটৰ বিপৰীতে অসমত প্ৰতি ১ লাখ লোকৰ বিপৰীতে ২০৬ জনকৈ লোক কৰ্কট ৰোগত আক্ৰান্ত হয়।

অৰ্থাৎ সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসমত কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা প্ৰায় দুগুণ। ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত প্ৰতি ১ লাখ জনসংখ্যাৰ বিপৰীতে সৰ্বাধিক কৰ্কট আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে মিজোৰাম। মিজোৰমত প্ৰতি এক লাখ লোকৰ বিপৰীতে কৰ্কট ৰোগত আক্ৰান্ত হয় ২৭০ জন লোক।

বিশ্ব স্বাস্থ্য সংস্থাৰ এই প্ৰতিবেদনতে উল্লেখ কৰা মতে কৰ্কট আক্ৰান্ত এই ৰোগীসকলৰ ভিতৰত যিসকল মহিলা তেওঁলোকৰ অধিকাংশই ভূগিছিল স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগত। ইয়াৰ বিপৰীতে পুৰুষসকল ওঁঠ, মুখগহ্বৰ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে।

গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান (চিকিৎসা আৰু গৱেষণাৰ বাবে আঞ্চলিক প্ৰতিষ্ঠান)ৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে প্ৰকাশ কৰা মতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যভ্যাসৰ বাবেই বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা। অসমৰ কৰ্কট আক্ৰান্ত ৰোগীৰ ভিতৰত ৪৮ শতাংশই ধঁপাত সেৱনকাৰী।

তেওঁৰ মতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত মূলতঃ ধঁপাত সেৱনৰ বাবেই বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। বৰ্তমান অসমত ধঁপাত সেৱনৰ হাৰ পূৰ্বৰ ৩৯ শতাংশৰ পৰা ৪৮ শতাংশলৈ বৃদ্ধি পাইছে।

সৰ্বভাৰতীয় পৰ্যায়ত ধঁপাত সেৱনৰ হাৰ অৱশ্যে ২৮ শতাংশ। সেইদৰে অসমত সুৰা সেৱনকাৰীৰ সংখ্যাও দেশৰ তুলনাত অধিক। সৰ্বভাৰতীয় পৰ্যায়ত সুৰা সেৱনকাৰীৰ হাৰ ১১ শতাংশৰ বিপৰীতে অসমত ২২ শতাংশ।

ধঁপাতৰ এনে বহুল প্ৰচলনেই অসম আৰু উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগ বৃদ্ধিৰ মূল কাৰণ বুলি ব্যাখ্যা কৰিছে ডাঃ  অমল কটকীয়ে। তেওঁৰ মতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ধঁপাতজনিত কৰ্কট ৰোগীৰ সংখ্যাই সৰ্বাধিক।

অসমত কৰ্কট আক্ৰান্ত পুৰুষ ৰোগীৰ ৫০ শতাংশই ধঁপাত সেৱন কৰে। আনহাতে এই ৰোগত আক্ৰান্ত ২৫ শতাংশ মহিলাই সেৱন কৰে ধঁপাত। উত্তৰ পূ্ৰ্বাঞ্চলৰ আন আন ৰাজ্যত ধঁপাতজনিত কৰ্কট ৰোগীৰ সংখ্যা ক্ৰমে মেঘালয়ত ৬৪ শতাংশ, ত্ৰিপুৰাত ৫৬ শতাংশ।

এনে ধঁপাত সেৱনৰ ফলত মুঠ কৰ্কট ৰোগৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত ১২ টা প্ৰকাৰেই হোৱাৰ সম্ভাৱনা অধিক।মানৱ দেহৰ বিভিন্ন অংগ যেনে মুখগহ্বৰ, ডিঙি, খাদ্যনলী, স্তন, পেট, হাওঁফাওঁ, অগ্নাশয়, লিভাৰ, ডিম্বাশয়, জৰায়ু, বৃক্ক, মূত্ৰনলী, হাড়, গাঁঠি, মলদ্বাৰ, মলাশয় আদিত এই কৰ্কট ৰোগে দেখা দিয়ে। যিকোনো এটা অংগত হোৱা এই কৰ্কট ৰোগ দেহৰ আন আন অংশলৈও বিয়পাৰ সম্ভাৱনা থাকে।

এই ৰোগত আক্ৰান্ত হ'লে বিভিন্ন লক্ষ্যণে ধৰা দিয়ে। যেনে মুখগহ্বৰত কৰ্কট ৰোগ হ'লে মুখগহ্বৰৰ ঘাঁ হ'ব পাৰে। দীৰ্ঘদিন ধৰি নুশুকোৱা, ভাল নোহোৱা এই ঘাঁ কৰ্কট ৰোগৰ লক্ষ্যণ। কণ্ঠস্বৰ সলনি বা বেয়া হ'লে কণ্ঠনলীৰ কৰ্কটৰ লক্ষণ হ'ব পাৰে। ডিঙিত টেমুনা উঠিলে সেয়া ডিঙিৰ কৰ্কট ৰোগৰ এক কাৰণ হ'ব পাৰে।

মহিলাৰ স্তনত টেমুনা হৈ ক্ৰমশঃ বৃদ্ধি পাই থাকিলে, স্তনৰ পৰা তেজযুক্ত পদাৰ্থ ওলালে স্তনৰ কৰ্কট ৰোগৰ লক্ষ্যণ হ'ব পাৰে। খাদ্য গ্ৰহণত অসুবিধাৰ সৃষ্টি হ'লে সেয়া খাদ্যনলীৰ কৰ্কটৰ লক্ষ্যণ হ'ব পাৰে।

সেইদৰে কম পৰিমাণৰ খাদ্য খালেই পেট ভৰ্তি হ'লে, খাদ্য খোৱাৰ পিছত বমি হ'লে পেটৰ কৰ্কট, একেলেঠাৰিয়ে কাহ হ'লে, কফ বা খেকৰাত তেজ গলে, উশাহ লোৱাত কষ্ট হ'লে হাওঁফাওঁৰ, কোনো কাৰণ নোহোৱাকৈ জণ্ডিচ হ'লে অগ্নাশয় আৰু যকৃত সংযুক্ত পিত্তনলীৰ কৰ্কট ৰোগৰ লক্ষ্যণ হ'ব পাৰে।

শৌচ কৰাৰ খেলিমেলি হ'লে, কৌষ্ঠকাঠিন্য, শৌচত তেজ গলে মলাশয়ৰ, অস্বাভাৱিক হাৰত পেট ফুলিলে ডিম্বাশয়ৰ, যোনীত ৰক্তক্ষণৰ জৰায়ুৰ কৰ্কট ৰোগৰ লক্ষ্যণ। প্ৰসাৱত ৰক্তক্ষৰণ বা পেটত সৃষ্টি হোৱা টেমুনা বৃক্কৰ কৰ্কট ৰোগৰ লক্ষ্যণ। প্ৰসাৱ কৰাত সমস্যাৰ সৃষ্টি হ'লে প্ৰসাৱত তেজ গ'লে মূত্ৰনলীৰ কৰ্কট ৰোগ আৰু শৰীৰ বিভিন্ন অংগ প্ৰত্যংগ ফুলিলে হাড় বা মাংসপেশীৰ কৰ্কট ৰোগ হ'ব পাৰে।

এই দুৰাৰোগ্য ৰোগৰ পৰা অৱশ্যে পৰিত্ৰাণ লাভৰো উপায় নথকা নহয়। যিমান সোনকালে এই ৰোগ ধৰা পৰিব সিমানেই এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা থাকে। ৰোগৰ দিন বাঢ়ি গ'লেই বিপদো বাঢ়ি যায়। সেয়ে দেহত এইসমূহ লক্ষ্যণ দেখিলেই চিকিৎসকৰ কাষ চাপি প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষা কৰি চিকিৎসাৰ ব্যৱস্থা কৰাটো বাঞ্চনীয়।  

কৰ্কট ৰোগৰ 'হটস্পত' অসম! প্ৰতি বছৰে ৰোগাক্ৰান্তৰ ৫০ শতাংশৰে মৃত্যু...
'ৰমজানত বিদ্যুৎ সেৱা ব্যাহত নহয়, জন্মাষ্টমীত বিদ্যুৎ কৰ্তন হয়'- অমিত শ্বাহ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in