ৰাজ্যৰ উদ্যোগখণ্ডত নতুন সংযোজন CAMPA : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালিলৈ কৰিব মুকলি...

এডভাণ্টেজ আছাম ২.০ ৰ প্ৰস্তুতিৰ মাজতে ৰাজ্যৰ উদ্যোগখণ্ডৰে সংযোজিত হ’বলৈ আগবাঢ়িছে এটা নতুন উদ্যোগ। ৰিলায়েন্সৰ এই উদ্যোগটোৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে।  

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ উদ্যোগখণ্ডত নতুন সংযোজন CAMPA : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালিলৈ কৰিব মুকলি...

ডিজিটেল ডেস্কঃ এডভাণ্টেজ আছাম ২.০ ৰ প্ৰস্তুতিৰ মাজতে ৰাজ্যৰ উদ্যোগখণ্ডৰে সংযোজিত হ’বলৈ আগবাঢ়িছে এটা নতুন উদ্যোগে। ৰিলায়েন্সৰ এই বিশেষ উদ্যোগটোৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈ উৎপাদনো আৰম্ভ কৰিছে।  

Advertisment

২২ ফেব্ৰুৱাৰী, ২০২৫ ত ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেড আৰু জেৰিক’ ফুডছ এণ্ড বেভেৰেজেছে মুকলি কৰিব ষ্টেট অৱ দ্য আৰ্ট কাম্পা বটলিং প্লাণ্ট। চাংসাৰিৰ মণিয়াৰীত নিৰ্মাণ কৰা এই ষ্টেট অৱ দ্য বটলিং প্লাণ্ট মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই উপলক্ষে পুৱা ১০-৩০ বজাত অনুষ্ঠিত হ’ব বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ৰীট।, বিধায়ক তথা ৰিলায়েন্সৰ শীৰ্ষ বিষয়া উপস্থিত থাকিব।

উল্লেখ্য যে, কাম্পা বটলিং প্লাণ্ট হৈছে এনে এক উদ্যোগ য’ত শীতল পানীয় ‘কাম্পা কোলা’ উৎপাদন কৰাৰ লগতে ইয়াৰ বটলিং কৰা হয়। পূৰ্বে পিউৰ ড্ৰিংকছ গ্ৰুপৰ মালিকানাধীন আৰু পৰিচালিত এই ব্ৰেণ্ডটোক যোৱা ২০২২ ত ৰিলায়েন্সে অধিগ্ৰহণ কৰিছিল।

দেশৰ কেইবাটাও প্ৰান্তত উৎপাদন চলি থকা এই উদ্যোগটোৰ এটা উৎপাদন কেন্দ্ৰ গুৱাহাটীৰ চাংসাৰিত নিৰ্মাণ সম্পূৰ্ণ কৰাত এই উদ্যোগটোৰ জৰিয়তে বহু নিবনুৱাই সংস্থাপন লাভ কৰাৰ বাট প্ৰশস্ত হৈছে। 

 

ড০ হিমন্ত বিশ্ব শৰ্মা