/asomiyapratidin/media/media_files/2025/02/07/T4sRYfqC8yPFSYPx7ynP.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ডে ট্ৰাম্পে দেশখনত বাস কৰি থকা অবৈধ নাগৰিকক বিতাৰণৰ নামত চলোৱা চূড়ান্ত অমানৱীয় কাৰ্যকলাপৰ বিৰোধিতা কৰিছে ''কা'' বিৰোধী সমন্বয় সমিতি, অসমে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ এনে বৰ্বৰোচিত কাণ্ড আৰু ভাৰত চৰকাৰৰ নিৰৱতাৰ প্ৰতিবাদত কা বিৰোধী সমন্বয় সমিতি, অসমে আহ্বান কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী।
এই সন্দৰ্ভত ''কা'' বিৰোধী সমন্বয় সমিতি, অসমৰ মুখ্য আহ্বায়ক দেৱেন তামুলীয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয় এইদৰে- ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই দেশখনত অবৈধভাৱে থকা বিভিন্ন ৰাষ্ট্ৰৰ নাগৰিকক অত্যন্ত অমানৱীয়ভাৱে হাত, ভৰি বান্ধি স্বদেশলৈ আমেৰিকাৰ উৰাজাহাজেৰে ঘূৰাই পঠাইছে।
ভাৰততো তেনেধৰণৰ নাগৰিক ইতিমধ্যে আহি উপস্থিত হৈছে। আচৰিত কথা ভাৰত চৰকাৰে এতিয়ালৈকে ইয়াৰ সামান্যতমো প্ৰতিবাদ কৰা নাই। আমেৰিকা চৰকাৰৰ এই বৰ্বোৰোচিত কাৰ্যৰ প্ৰতিবাদ কৰিবলৈ আমি অৰ্থাৎ ''কা'' বিৰোধী সমন্বয় সমিতি অসমে কাইলৈ ৮ৱ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখ শনিবাৰে আবেলি ৩ বজাত দীঘলীপুখুৰীৰ পাৰত এক প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছো।
উল্লেখ্য, এই প্ৰতিবাদী কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈয়ো আহ্বান জনাইছে আহ্বায়কগৰাকীয়ে।