/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/w68lbe68/456570223_938155128119836_2118339893223910957_n.jpg)
ডিজিটেল ডেস্ক : উভতি আহক ৰমেনদা। যি বাটেৰে গুচি গৈছে সেই বাটেৰে উভতি আহক প্ৰিয় শিল্পী ৰমেনদা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/ocysdrs6/456539357_938143121454370_3697036222620239589_n.jpg)
ৰমেন বৰুৱা নিৰুদ্দেশ হোৱা আজি এমাহেই হ’ল। এতিয়ালৈকে নাই কোনো সন্ধান। ২২ জুলাইতে নিখোজ হোৱা বিশিষ্ট শিল্পীগৰাকীক উভতি অহাৰ আহ্বানেৰে আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/t8rhw2to/456461741_938155274786488_170957167936814077_n.jpg)
বৃহস্পতিবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যাগত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ‘উভতি আহিবলৈ আহ্বান’ শীৰ্ষক অনুষ্ঠানৰ। এই অনুষ্ঠানত কেইবাগৰাকী শিল্পীয়ে ৰমেন বৰুৱাৰ গীত পৰিবেশন কৰে। লগতে নিখোজ হৈ থকা শিল্পী ৰমেন বৰুৱাক ঘৰলৈ উভতি অহাৰ বাবে কাতৰ অনুৰোধ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/p6oa4a39/456694131_938155578119791_4254406209709958893_n.jpg)
প্ৰতিগৰাকী শিল্পীয়ে আৱেগসনা কণ্ঠেৰে শিল্পী ৰমেন বৰুৱাক য’তে আছে তাৰ পৰাই উভতি আহিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/teh7uoyy/456561574_938156081453074_687101402118953301_n.jpg)
উক্ত অনুষ্ঠানত মন্ত্ৰী বিমল বড়া, শিল্পী দ্বীপেন বৰুৱা, মনীষা হাজৰিকা, জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া আদি উপস্থিত থাকে। আনহাতে উক্ত অনুষ্ঠানটিত গীত পৰিৱেশন কৰে নমিতা ভট্টাচাৰ্য্য, গীতালী কাকতি, কল্লেল বৰঠাকুৰ, পদ্মনাভ গোস্বামী, হৰ্ষিতা আদিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/brws44ti/456460787_938155678119781_5027690940459271739_n.jpg)
Also Read: যদি বিশাল ফুকনো পলাই যায় !