দীপাৱলীৰ মাজতে বিধায়ক আৱাস চৌহদত ভয়ংকৰ ঘটনা

দীপাৱলীৰ মাজতে বিধায়ক আৱাস চৌহদত ভয়ংকৰ ঘটনা

ডিজিটেল ডেস্ক : দীপাৱলীৰ মাজতে ৰাজধানী দিশপুৰস্থিত বিধায়ক আৱাস চৌহদত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দেওবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাত বিধায়ক আৱাস চৌহদৰ C ব্লকত দেখিবলৈ পোৱা গৈছে গুলীৰ চিহ্ণ।

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰথম মহলাৰ বেলকনিত দেখা গৈছে গুলীৰ চিহ্ণ। অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই যে এয়া বুলেটৰে চিহ্ণ নে আন কিবা !

উল্লেখযোগ্য যে এই আৱাসৰ C ব্লকতে থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী,দেৱব্ৰত শইকীয়া,ৰফিকুল ইছলামকে ধৰি কেইবাগৰাকী বিধায়ক। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষী।

জানিব পৰামতে এই সমগ্ৰ ঘটনাৱলী সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই ঘটনা সম্পৰ্কে বিৰোধী দলৰ দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়াই কয় যে, সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কৰা তদন্তৰ পিছতহে গম পোৱা যাব। কিন্তু যিটো দাগ বা চিহ্ণ দেখা পোৱা গৈছে সেই দাগটো শিলগুটি মৰা দাগ নহয় বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে।

আনহাতে ৰফিকুল ইছলাময়ো শিলগুটি মৰা দাগ নহয় বুলি মন্তব্য কৰে। শিলগুটি হ'লে সম্পূৰ্ণ গ্লাচখনেই ভাঙি যাব বুলি কয়। বুলেটৰ দাগ বুলিয়েই তেওঁ সন্দেহ কৰে।

দীপাৱলীৰ মাজতে বিধায়ক আৱাস চৌহদত ভয়ংকৰ ঘটনা
দিশপুৰৰ বিধায়ক আৱাসত গুলীৰ চিহ্ণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in