/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f34198df-28ed-4ea8-8ebd-870a54d6eddd/meeting.jpg)
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত অনুবাদিত হ'ল বুঢ়ী আইৰ সাধু
ডিজিটেল ডেস্কঃ ৰসৰাজ লক্ষ্মী নাথ বেজবৰুৱাৰ অমৰ সৃষ্টি 'বুঢ়ী আইৰ সাধু' অনুবাদিত হ'ল বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত। পৰাগজ্যোতি প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ নাম 'আবকৰ যাৰি'। 'আবক' মানে 'বুঢ়ী আই' আৰু 'যাৰি' মানে 'সাধু'। গ্ৰন্থখন অসমীয়াৰ পৰা বিষ্ণুপ্ৰিয়ালৈ অনুবাদ কৰে শিলচৰৰ লেখিকা মঞ্জু সিনহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/cc8ce0f7-32bd-4334-934e-f1fb8e60c88c/9deff79f_da48_4611_b8e5_08a2ef5965ed.jpg)
দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বহু কেইগৰাকী বৰণ্য ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্য পৰিৱেশত গ্ৰন্থখন উন্মোচন কৰে। উন্মোচন কৰে অনুষ্ঠানৰ মুখ্য অতিথি অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু ড০ নন্দ সিঙ বৰকলাই। অনুষ্ঠান আৰম্ভণিৰ প্ৰাক মূহুৰ্তত সৰস্বতী বন্দনাৰে আৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8bfd7f2e-cad0-4f11-8254-51c21b73745e/afe1f029_fc37_490f_bc99_985429020aef.jpg)
ইয়াৰ পাছতে আয়োজক সমিতিয়ে মুখ্য অতিথিকে ধৰি বিশিষ্ট ব্যক্তিসকলক মঞ্চলৈ আদৰি আনি সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পাছতে সভা উদ্ধোধন কৰে অনুষ্ঠানৰ মুখ্য অতিথি প্ৰকাশ মহন্তই। তাৰ পাছতে সদ্যপ্ৰয়াত কবি নীলমণি ফুকন, অভিনেতা প্ৰাণজিত দাসৰ স্মৃতিত মৌন প্ৰাৰ্থনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7361166f-2059-4970-88ff-4a346b0052f0/0be1616f_5934_4b08_9c61_61c927ce6c02.jpg)
অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ড০ নন্দ সিঙ বৰকলা, দ্যা ছেণ্টিনেল কাকতৰ কাৰ্যবাহী সম্পাদক ৰাম লাল সিনহা,ড০ মলিনা দেৱী, ৰীতা সিংহ আদিয়ে। গ্ৰন্থ উন্মোচনী ভাষণত ড০ বৰকলাই জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰে ভাষণ আৰম্ভ কৰে। তেওঁ কয় সাধু পৃথিৱীৰ বিভিন্ন ভাষাত আছে,কিন্তু অসমীয়া ভাষাৰ বুঢ়ী আইৰ সাধুখন সাংঘাটিক ধৰণে সৰুৰে পৰা জাগতিক চেতনাৰ সৈতে মানুহক পৃথিৱীখনৰ লগত জীয়াই থকাৰ শক্তি প্ৰদান কৰি থকাৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2568f3cf-d725-4320-adbf-7740781f033d/b4ea9852_7ab0_4625_a712_90d5ec6c01b1.jpg)
লগতে ড০ বৰকলাই সৰুৰ পৰাই মণিপুৰীসকলৰ লগত থকা সম্পৰ্কৰ কথা মনত পেলায় নষ্টালজিক হৈ পৰে। আনহাতে উদ্ধোধনী ভাষণত অনুষ্ঠানৰ মুখ্য অতিথি প্ৰকাশ মহন্তই কয় যে, মণিপুৰীসকল মেইতেই আৰু বিষ্ণুপ্ৰিয়া মণিপুৰীৰ মাজৰ সংঘাত সম্পৰ্কে কেতবোৰ মন্তব্য প্ৰদান কৰে।
তেওঁ কয় এই সংঘাতৰ বাবে কোনো কাৰণ থাকিব নালাগিছিল।ৰাজনৈতিক পাকচক্ৰতেই হওক বা প্ৰভূত্বৰ কাৰণতেই হওক যি সংঘাত সৃষ্টি হ'ল সেয়া হ'ব নালাগিছিল। এই দুয়োটা একেটাই জনগোষ্ঠী,একেটাই জাতি। কিন্তু তাৰ মাজতে ভাল লগা কথা হ'ল বিষ্ণুপ্ৰিয়াসকলে নিজস্ব জাতি সত্তা ৰূপে নিজক প্ৰতিষ্ঠা কৰাৰ নিৰন্তৰ এক সংগ্ৰাম বৌদ্ধিকভাৱে এনেদৰে আগবঢ়াই আনিছে বুলি উল্লেখ কৰে।
পৰাগজ্যোতি প্ৰকাশনৰ সচিব দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত অতিথিসকলৰ লগতে উপস্থিত থাকে লেখিকা মঞ্জু সিনহাৰ পৰিয়ালৰ আন আন সদস্যসকল।
আৰু পঢ়কঃ আলফা(স্বা)ৰ প্ৰাক্তন উপ-সেনাধিনায়ক দৃষ্টি ৰাজখোৱাৰ এক্সক্লুচিভ সাক্ষাৎকাৰ...