মহানগৰীৰ নবীন নগৰত বৰগীতৰ কৰ্মশালা সম্পন্ন

সমাজ হিতৈষী প্ৰয়াত চন্দনা দুৱৰাৰ স্মৃতিত বিগত ২৬ মে'ৰ পৰা অনুষ্ঠিত হোৱা ১০ দিনীয়া কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে। কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে শ্ৰীশ্ৰী চামগুৰি সত্ৰ, মাজুলীৰ শ্ৰীকৃষ্ণ দেৱ গোস্বামীয়ে।

author-image
Asomiya Pratidin
New Update
a

ডিজিটেল সংবাদ,গুৱাহাটীঃ   মহানগৰীৰ জু'ৰোড নবীন নগৰত সম্পন্ন হ'ল ১০ দিনীয়া বৰগীতৰ কৰ্মশালা। নবীন নগৰস্থিত শ্ৰী শ্ৰী শংকৰ মাধৱ সেৱা কেন্দ্ৰৰ সৌজন্যত আৰু ডিস্ক'ভাৰ প্লে' স্কুলৰ সহযোগত সেৱা কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত হয় মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতৰ কৰ্মশালা।

Advertisment

সমাজ হিতৈষী প্ৰয়াত চন্দনা দুৱৰাৰ স্মৃতিত বিগত ২৬ মে'ৰ পৰা অনুষ্ঠিত হোৱা ১০ দিনীয়া কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে। কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে শ্ৰীশ্ৰী চামগুৰি সত্ৰ, মাজুলীৰ শ্ৰীকৃষ্ণ দেৱ গোস্বামীয়ে।

বুধবাৰে সেৱা কেন্দ্ৰৰ সাধাৰণ সম্পাদিকা প্ৰণতি বি বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ডিস্ক'ভাৰ প্লে স্কুলৰ অধ্যক্ষা কল্পনা বৰদলৈয়ে। অনুষ্ঠানত ১০ গৰাকী অংশগ্ৰহণকাৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কাৰ্যসূচীত সেৱাকেন্দ্ৰৰ সভানেত্ৰী প্ৰতিমা তালুকদাৰকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

কাৰ্যসূচীত বিশেষ সহযোগিতা আগবঢ়ায় লেখিকা বিনীতা গোস্বামী, অঞ্জনা বৰুৱা আৰু পম্পী বৈশ্যই। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত বৰগীতৰ শিল্পী সকলে সমবেতভাৱে  তিনিটাকৈ বৰগীত পৰিবেশন কৰে।

বৰগীত