Advertisment

অপূর্ব বেজবৰুৱা স্মাৰক ন্যাসৰ উদ্যোগত 'জীৱন এখন মায়াৰ সাগৰ' উন্মোচন

অপূর্ব বেজবৰুৱা স্মাৰক ন্যাসৰ উদ্যোগত 'জীৱন এখন মায়াৰ সাগৰ' উন্মোচন

author-image
Asomiya Pratidin
New Update
অপূর্ব বেজবৰুৱা স্মাৰক ন্যাসৰ উদ্যোগত 'জীৱন এখন মায়াৰ সাগৰ' উন্মোচন

ডিজিটেল ডেস্ক: 'অপূর্ব বেজবৰুৱা স্মাৰক ন্যাস'ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাদেৱৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে তেখেতৰ স্মৃতিত এখনি স্মাৰক গ্ৰন্থ 'জীৱন এখন মায়াৰ সাগৰ : গুণমুগ্ধৰ দৃষ্টিত জনতাৰ শিল্পী অপূৰ্ব বেজবৰুৱা' উন্মোচন কৰা হয়। অনুষ্ঠানৰ পূৰ্বে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্রজ্জ্বলনৰ লগতে তেখেতৰ জন্মদিন উপলক্ষে শৰাই এভাগ আগবঢ়াই তেখেতৰ পত্নী তথা ন্যাসৰ অধ্যক্ষা মনিকা বেজবৰুৱা, জীয়ৰী তথা ন্যাসৰ সদস্য অৰুন্ধতী বেজবৰুৱা, ইলোৰা বেজবৰুৱা, জোঁৱাই জিতু শৰ্মা আৰু নাতিনী ৰুদ্ধিকা কাশ্যপে।

Advertisment

অনুষ্ঠানটোত অধীনা গোস্বামীয়ে দ্বীপপ্রতি পৰিৱেশন কৰাৰ লগতে শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰ বিষয়ে আলোকপাত কৰে প্ৰণীতা গোস্বামীয়ে। অৰুন্ধতী বেজবৰুৱাই সম্পাদনা কৰা গ্ৰন্থখনি উন্মোচন কৰে কণ্ঠশিল্পী অনিমা চৌধুৰী, সুৰকাৰ কণ্ঠশিল্পী জে পি দাস, সংগীত শিল্পী সূর্য গোস্বামীৰ লগতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তি সমাজকর্মী পৱন কুমাৰ আগৰৱালা, সাংস্কৃতিক কর্মী দিলীপ গগৈ আৰু গোপাল জালানে।

বিতুমণি গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত অৰুন্ধতী বেজবৰুৱাই শিল্পীগৰাকীৰ এটি গীত পৰিৱেশনেৰে শ্রোতা-দর্শকক আপ্লুত কৰে। ইয়াৰ উপৰি শিল্পীগৰাকীৰ কথা আৰু সুজিত হালদাৰৰ সুৰেৰে অসমীয়া, হিন্দী আৰু বাংলা ভাষাত শ্ৰাব্য গীতো শ্রোতা-দর্শকৰ আগত মুকলি কৰা হয়।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ন্যাসৰ সদস্য জিতু শৰ্মাই। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে গীতিকাৰ-সুৰকাৰ ৰমেন দাস, সুৰকাৰ বিপুল বৰুৱা, অভিনেত্রী অনুৰূপা ডেকাৰজা, সমাজকর্মী খগেন দাস, প্রদীপ বর্মন, মানস দাস, শীলভদ্র ডেকাৰজা প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল।

Also Read: অঞ্জন নাথ হত্যাকাণ্ডত গ্ৰেপ্তাৰ ৬ জন : মহিলাৰ পিতৃৰ পৰিকল্পনাত সংঘটিত সমগ্ৰ ঘটনা

অপূর্ব বেজবৰুৱা