অঞ্জন নাথ হত্যাকাণ্ডত গ্ৰেপ্তাৰ ৬ জন : মহিলাৰ পিতৃৰ পৰিকল্পনাত সংঘটিত সমগ্ৰ ঘটনা

অঞ্জন নাথ হত্যাকাণ্ডত গ্ৰেপ্তাৰ ৬ জন : মহিলাৰ পিতৃৰ পৰিকল্পনাত সংঘটিত সমগ্ৰ ঘটনা

ডিজিটেল ডেস্কঃ মহানগৰীৰ কইনাধৰাত ১২ অক্টোবৰৰ সন্ধিয়া সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ন ন তথ্য ক্ৰমাত পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে মহিলা গৰাকীৰ পিতৃ অৰিজিৎ‍ সিনহাক। নিজকে অঞ্জন নাথৰ পত্নী বুলি দাবী কৰা মহিলা গৰাকীৰ লগতে তেওঁৰ চতুৰ্থ প্ৰেমিক সৌৰভ গোৱেংকা, তেওঁৰ মাতৃ, অৰবিন্দ ৰয় আৰু গোবিন্দ কুমাৰক ইতিমধ্যেই দেওবাৰে নিশা আৰক্ষীয়ে আটক কৰিছে।

জানিব পৰা মতে, এই সমগ্ৰ ঘটলাৰ মূল পৰিচালক আছিল মহিলাগৰাকীৰ পিতৃ অৰিজিৎ‍ সিনহা আৰু সমগ্ৰ পৰিকল্পনাক কাৰ্যত ৰূপ দিছিল ফাচী বজাৰৰ ড্ৰাই ফ্ৰুইটছৰ ব্যৱসায়ী মহিলা গৰাকীৰ প্ৰেমিক সৌৰভ গোৱেংকাই। সৌৰভ গোৱেংকাইৱে অঞ্জন নাথক গুলিয়াইছিল বুলি ইতিমধ্যেই আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। সৌৰভ গোৱেংকাৰ কৰ্মচাৰী অৰবিন্দ ৰয়ে সমগ্ৰ ঘটনা সংঘটিত কৰাত গোৱেংকা আৰু সিনহাক সহায় কৰিছিল। বিহাৰৰ গোবিন্দ কুমাৰ নামৰ লোকজনে বিহাৰৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত হোৱা পিষ্টলটো আনি দিছিল বুলিও জানিব পৰা গৈছে।

ইতিমধ্যেই হত্যাকাণ্ডত ব্যৱহৃত হোৱা বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। সেহতীয়াকৈ পোৱা খবৰ অনুসৰি, সোমবাৰে আৰক্ষীৰ এটা দল হত্যাকাণ্ডত ব্যৱহাৰ হোৱা পিষ্টলতো উদ্ধাৰ কৰিবলৈ এক বিশেষ স্থানলৈ ৰওণা হ'ব। দেওবাৰে নিশা মহানগৰীৰ আঠগাঁৱৰ পৰা দুজনক আটক কৰাৰ বিপৰীতে বিহাৰৰ পৰা এজনক আটক কৰে আৰক্ষীয়ে। আনহাতে এই সমগ্ৰ ঘটনাৰ মূল নায়ক অৰিজিৎ‍ সিনহা আৰু তেওঁৰ পত্নীক কইনাধৰাৰ নিজ বাসগৃহৰ পৰা আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তদন্তত প্ৰেমজনিত কাৰণৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। উল্লেখ্যনীয় যে, সোমবাৰে দিনৰ ভাগত এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত গৰাকীয়ে এক সংবাদ মেল সম্বোধন কৰিব।

ঘটনা সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীয়ে পৃথকে পৃথকে জেৰা কৰি আছে ৬ অভিযুক্তক। আৰক্ষীৰ তদন্তত আৰু বহুত নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

অঞ্জন নাথ হত্যাকাণ্ডত গ্ৰেপ্তাৰ ৬ জন : মহিলাৰ পিতৃৰ পৰিকল্পনাত সংঘটিত সমগ্ৰ ঘটনা
মহিলাৰ চতুৰ্থ প্ৰেমিকে হত্যা কৰিলে অঞ্জনক! গ্ৰেপ্তাৰ ৩জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in