কুমাৰপাৰাত ‘ব’হাগৰ এসন্ধিয়া’ উদযাপন

দিপাংকৰ ৰাজবংশীক ‘শ্মশান সাৰথি’ উপাধি প্ৰদান

author-image
Asomiya Pratidin
New Update
কুমাৰপাৰাত ‘ব’হাগৰ এসন্ধিয়া’ উদযাপন

ডিজিটেল সংবাদ,গুৱাহাটী : ব’হাগ বিহুৰ লগত সংগতি ৰাখি কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত কুমাৰপাৰাৰ কালিৰাম চৌধুৰী পথত ( হৰিপ্ৰিয়া বিদ্যাপীঠৰ সন্মুখত) ১৭ এপ্ৰিলৰ নিশা এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভনিতে কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি ড০ দিলীপ শৰ্মাই বন্তি প্ৰজ্বলন আৰু স্থানীয় মহিলাসকলে নাম প্ৰসংগ কৰে।

Advertisment

মৌচম হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানৰ পটভূমি ব্যাখ্যা কৰে সত্যেন শৰ্মাই। অনুষ্ঠানত বৰষা দাস, অন্তৰীপা দাস আৰু ৰিমলি দাসৰ পৰিচালনাত ‘নৃত্যসাধনা সাংস্কৃতিক দলে অসমৰ বিভিন্ন থলুৱা নৃত্য পৰিবেশন কৰি দৰ্শকৰ সমাদৰ লাভ কৰে। অসমৰ চিৰ সেউজ গীতৰ সমাহাৰেৰে পৰিবেশন কৰা ‘ৰংঘৰ দল’ৰ অনুষ্ঠানে সাংস্কৃতিক অনুষ্ঠানত ভূয়শী প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হয়।

উল্লেখযোগ্য যে ‘ৰংঘৰ দল’ৰ শিল্পীসকল আছিল - সন্দীপা শৰ্মা, মৌচুমী বৰদলৈ, মেঘালী বৰদলৈ, ঝৰ্ণা ডেকা আৰু ড° জয়শ্ৰী দেৱী। ‘ব’হাগৰ এসন্ধিয়া’ৰ বিশেষ আকৰ্ষণ আছিল - ‘চৰাইদেউ সমন্বয় বিহুদল’ৰ অনুষ্ঠান।

অংকুৰ বৰঠাকুৰৰ গীতৰ অনুষ্ঠান আছিল, অনুষ্ঠানৰ আন এটা অন্যতম আকৰ্ষণ। অনুষ্ঠানৰ মাজতে সৰবৰহী যুৱক দিপাংকৰ ৰাজবংশীক আনুষ্ঠানিকভাৱে ‘শ্মশান সাৰথি’ উপাধি প্ৰদান কৰা হয়। ৰাজবংশীক সম্বৰ্ধনা পত্ৰ, শৰাই আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ক’ভিড অতিমাৰীৰ সময়ত ৰাজস্হানৰ জয়পুৰত থকা অসমীয়া মানুহক সেৱা - শুশ্ৰূষা কৰাৰ বাবে অনুষ্ঠানত সুশীল চৌধুৰী আৰু মন্জু চৌধুৰীকো সম্বৰ্ধনা জনোৱা হয়। ‘ব’হাগৰ এসন্ধিয়া’ত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই বিশেষ অতিথি ৰূপে অংশগ্ৰহন কৰে আৰু অসমীয়া জাতিৰ স্বঅভিমান ৰক্ষাৰ স্বাৰ্থত বিহুৰ তাৎপৰ্যৰ বিষয়ে দুআষাৰ কয়।

অনুষ্ঠানত কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিৰ সম্পাদক ( ভাৰপ্ৰাপ্ত) দীপক মেধী, ডা: দ্বীজেন্দ্ৰ চন্দ্ৰ দত্ত, ড: বিষ্ণু প্ৰসাদ দাস, ড: জ্যোতি ভূঞা, ড: কিশোৰ বৰুৱা, ড: অৰ্চনা শৰ্মা, অনুপ পোদ্দাৰ, বুঢ়া গোহাই থানৰ সাধাৰণ সম্পাদক গৌতম দাস প্ৰমুখ্যে ভালেমান গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহন কৰে।

Also Read: বিধায়ক নৱ দলেৰ ভূমিকাত ক্ষুদ্ধ ভোটাৰ : ঢকুৱাখনাৰ ৩খন গাঁৱৰ লোকৰ ভোট বৰ্জন...

Bohag Bihu