/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/98fb1494-028e-4332-849b-1c7556d7f811/boro.jpg)
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম
ডিজিটেল ডেস্কঃ আজি বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৭ সংখ্যক জন্ম জয়ন্তী। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন উপলক্ষে মহানগৰীৰ ৰূপনগৰস্থিত উপেন্দ্ৰ নাথ ব্ৰহ্ম সোঁৱৰণী সাংবাদিক অতিথিশালাত মেডিয়া ট্ৰাষ্ট অসমৰ উদ্যোগত উদযাপন কৰা হয় তেওঁৰ জন্ম জয়ন্তী ।
পুৱা বডোফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতেই অনুষ্ঠিত হয় মূল সভা। মূল সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তেওঁলোকে উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন আৰু তেওঁৰ কৰ্মৰাজীৰ বিষয়ে আলোকপাত কৰে।
ট্ৰাষ্টৰ কাৰ্যবাহী ন্যাসৰক্ষী ৰমণী বৰ্মণে সভাত নিজৰ ভাষণ ৰাখি কয়, উপেন্দ্ৰনাথ ব্ৰহ্ম অকল বড়ো জাতিৰ পিতৃ হিচাপেই পৰিচিত নহ’য় । তেওঁ এগৰাকী খ্যাতিমান ছাত্ৰ তথা দক্ষ কটনীয়ান, সুদক্ষ শিক্ষক হিচাপেও পৰিচিত। তেওঁ উপেন্দ্ৰনাথ ব্ৰহ্ম এগৰাকী দক্ষ সাংবাদিক হিচাপেও পৰিচিত আছিল বুলি উল্লেখ কৰি কয়, জনজাতিসকলৰ লগতে বড়ো জাতিৰ উন্নয়নৰ বাবে যি সংগ্ৰাম চলিছিল আৰু সেই সংগ্ৰামক উপেন্দ্ৰ নাথ ব্ৰহ্মই যিদৰে নেতৃত্ব দিছিল, সেই ক্ষেত্ৰত উপেন্দ্ৰ নাথ ব্ৰহ্ম সদায় মানবতাবাদী ব্যক্তি হিচাপে সকলোৰে ওচৰত চিৰ পৰিচিত হৈ থাকিব ।
তেওঁ পুনৰ কয়, উপেন্দ্ৰ নাথ ব্ৰহ্মই ১৯৫৬ চনত জন্মগ্ৰহণ কৰি ১৯৯০ চনত মৃত্যুবৰণ কৰিছিল। তেওঁ আৰসী নামৰ বড়ো কাকাতখনত ৭ বছৰ সম্পাদক হিচাপে থাকি যি কেইটা সম্পাদকীয় লিখিছে সেই সম্পাদকীয়তেই প্ৰকাশ পাইছে তেওঁৰ দক্ষতা আৰু চিন্তা।
উল্লেখ্য যে, এই সভাত উপস্থিত থাকে প্ৰসান্ত জ্যোতি বৰুৱা, তাজোদ্দিন আহমেদ, দিলিপ চন্দন, তৰুণ শইকীয়া, প্ৰসন্ন কুমাৰ বৰঠাকুৰকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি। দ্বিতীয়বাৰৰ বাবে মিডিয়া ট্ৰাষ্টৰ উদ্যোগত পালন কৰা হৈছে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম জয়ন্তী । ক্ষুদ্ৰ জাতি সত্তাকলৈ তেওঁ গ্ৰহণ কৰা ভূমিকা আছিল অনন্য ।
Also Read: মহানগৰীত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ...