ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্দোলন কৰাটো ৰাজনৈতিকল দলৰ কাম নহয় বুলি কোৱাৰ পাছতেই আজি বিজেপি দলে গুৱাহাটীৰ মাজমজিয়াতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লতাশীল খেল পথাৰত বিজেপিৰ কৰ্মীসকল সমবেত হৈ আজি লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাহুল গান্ধীয়ে সংসদ ভৱনত নগালেণ্ডৰ এগৰাকী মহিলা সাংসদক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰিছে। ৰাজ্য সভাৰ বিজেপিৰ ফাংনন কন্যাক ৰাহুল গান্ধীয়ে অপমানিত তথা দুৰ্ব্যৱহাৰ কৰা কাৰ্যৰ বিৰোধিতাৰে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰে।
ভৱেশ কলিতাৰ উপৰিও, অসম বিজেপিৰ সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়া, চামগুৰিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, সিদ্ধাংকু অংকুৰ বৰুৱাকে ধৰি বহু শীৰ্ষ বিজেপি নেতা উপস্থিত থকা এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে লতাশীল খেল পথাৰৰ পৰা জৰ্জ ফিল্ডলৈ সমদলো কৰে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তেওঁৰ সামাজিক মাধ্যমত লিখিছে এইদৰে-
''যোৱা ১৯ ডিচেম্বৰত পবিত্ৰ সংসদ ভৱনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ জনজাতীয় মহিলা ৰাজ্যসভাৰ সাংসদ ফাংনন কন্যাক অপমানিত তথা দূব্যৱহাৰ কৰা ঘটনাক মই কঠোৰ ভাষাৰে গৰিহণা তথা ধিক্কাৰ দিছোঁ।আমাৰ ভূমিপুত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী নিষ্ঠাবান জনজাতীয় নেত্ৰী নাগালেণ্ডৰ ৰাজ্যসভাৰ সাংসদ ফাংনন কন্যাকক কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দুব্যৱহাৰ তথা অপমান কৰাটো দুৰ্ভাগ্যজনক।এয়া ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ যুগ যুগ ধৰি চলি অহা আচৰণৰ প্ৰতিফলন তথা স্বভাৱ।ৰাহুল গান্ধীয়ে শালীনতা চেৰাই যোৱাৰ অনৈতিক আৰু অভদ্র ব্যৱহাৰে নাগালেণ্ডৰ জনজাতীয় মহিলা সাংসদ গৰাকীৰ মৰ্যাদা আৰু আত্মসন্মানক আঘাত কৰিছে।সেই উদ্দেশ্য আজি ভাৰতীয় জনতা পাৰ্টি,গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত অসম প্ৰদেশৰ সহযোগত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে লতাশিল খেলপথাৰৰ পৰা জৰ্জ ফিল্ড খেলপথাৰলৈ আমাৰ দলৰ কাৰ্যকর্তা সকলৰ উপস্থিতিত আয়োজিত এক বিশাল প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।''
মন কৰিবলগীয়া যে, কংগ্ৰেছ দলে গুৱাহাটীত সাব্যস্ত কৰা প্ৰতিবাদৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ কৰাটো ৰাজনৈতিক দলৰ কাম নহয় বুলি উল্লেখ কৰিছিল। তেওঁ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক সমালোচনা কৰি কৈছিল কেতিয়াও ৰাজনৈতিক দল আন্দোলনকাৰী নহয়। ৰাজনৈতিক দলৰ আন্দোলন হয় ইলেকচনৰ বাকচত। যি কৰিব বিচাৰে মন্ত্ৰী, বিধায়ক হৈ কৰে। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ’ব নোৱাৰে, যুৱ সংগঠন হ’ব নোৱাৰে। আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়।
মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এনে ভাষ্যৰ ২৪ ঘণ্টা নহওতেই স্বয়ং বিজেপি সভাপতিৰ নেতৃত্বত ৰাজ্যিক বিজেপিৰ শীৰ্ষ স্থানীয় বহু নেতাৰ উপস্থিতিত আজি গুৱাহাটী মহানগৰীত বিজেপিয়ে সাব্যস্ত কৰা এই প্ৰতিবাদ চৰ্চাৰ বিষয় হৈ পৰিছে। সমান্তাৰলকৈ এই প্ৰতিবাদে মুখ্যমন্ত্ৰীৰ ভাষ্যকে একপ্ৰকাৰে বিৰোধিতা কৰা বুলিও দাবী কৰিছে বহুলোকে।