ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি ভ্ৰমণ

বৰ্তমান অসম ভ্ৰমণত থকা ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ ৯ জনীয়া প্ৰতিনিধি দলে আজি গুৱাহাটীৰ অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

author-image
Asomiya Pratidin
New Update
ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি ভ্ৰমণ

ডিজিটেল ডেস্কঃ বৰ্তমান অসম ভ্ৰমণত থকা ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ ৯ জনীয়া প্ৰতিনিধি দলে আজি গুৱাহাটীস্থিত অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি  (আৰ জি ইউ) ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক অৰ্থপূৰ্ণ আলোচনাত মিলিত হয়। প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়খনৰ আচাৰ্য ড° এ কে পানছাৰী, উপাচাৰ্য অধ্যাপক (ড০) এ কে বুঢ়াগোহাঁই, এমেৰিটাছ অধ্যাপক তথা ড° ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিৰ অধ্যক্ষ (ড০) অমৰ জ্যোতি চৌধুৰী তথা অন্যান্য বিষ়াসকলৰ সৈতে বৈঠকত মিলিত হয়।

Advertisment

আলোচনাত অসম আৰু ভূটানৰ মাজত সাংস্কৃতিক আৰু ভৌগোলিক ঐতিহ্যৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু দুয়োখন চুবুৰীয়া দেশৰ মাজত অৰ্থনৈতিক আৰু জনসাধাৰণৰ সংযোগ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা হয়। দুয়োপক্ষই গেলেফু মাইণ্ডফুলনেছ চিটিয়ে উপস্থাপন কৰা অনন্য সুযোগসমূহৰ জৰিয়তে অৰ্থনৈতিক সমৃদ্ধি তথা শক্তিশালী সহযোগিতাৰ পৰা উদ্ভৱ হোৱা সম্ভাৱ্য সুবিধাসমূহৰ বিষয়ে আলোচনা কৰে।

প্ৰতিনিধি দলটোৱে অসম আৰু ভূটানৰ বাবে দীৰ্ঘম্যাদী, বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভূটানৰ প্ৰতিনিধি দলৰ সদস্য দশো তাছি ৱাংগিয়ালে অসমৰ উজ্জ্বল ভৱিষ্যতক লৈ আশাবাদী। অসমত উগ্ৰপন্থীৰ যুগ এতিয়া নাই, আৰু ৰাজ্যখনে সমৃদ্ধি আৰু প্ৰগতিৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে বুলি তেও কয়। দৃষ্টিভংগীৰ স্পষ্টতাৰ বাবে বৰ্তমানৰ ৰাজনৈতিক নেতৃত্বক কৃতিত্ব প্ৰদান কৰি দশো ৱাংগিয়ালে অসমৰ ব্যৱসায়িক গৃহ সমূহৰ উদ্যোগী মনোভাৱৰ বাবেও প্ৰশংসা কৰে।

ইয়াৰ উপৰিও তেওঁ অসমৰ যুৱক-যুৱতীসকলে দক্ষতা শিক্ষণ আৰু বিকাশৰ প্ৰতি দেখুওৱা উৎসাহক প্ৰশংসা কৰে, ইয়াক অঞ্চলটোৰ উন্নতিৰ এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে গণ্য কৰে। প্ৰতিনিধি দলটোক আদৰণি জনাই আৰ জি ইউৰ আচাৰ্য ড°এ কে পানছাৰীয়ে "বসুধৈৱ কুটুম্বকম" অৰ্থাৎ "পৃথিৱীখন এটা পৰিয়াল" বুলি উল্লেখ কৰি কয় যে ভূটানৰ সৈতে শৈক্ষিক সহযোগিতাই অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বহু পৰিমাণে বৃদ্ধি কৰিব।

আলোচনাৰ পূৰ্বে প্ৰতিনিধি দলটোৱে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ চৌহদত বিস্তৃত পৰিভ্ৰমণ কৰে আৰু শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি আৰু অন্যান্য সা-সুবিধা সমূহৰ পৰ্যবেক্ষণ কৰে। ভূটানৰ প্ৰতিনিধি দলটোৰ আন কিছুমান সদস্যৰ ভিতৰত আছিল দশো কৰ্মা ছিটিম, দশো অৰুণ কাপুৰ, দশো চেৰিং ৱাংচুক, জিগমে থিনলিয়ে নামগিয়াল (কনছুল জেনেৰেল, ৰয়েল ভূটানৰ কনছুলেট জেনেৰেল), ছাংগাই ৱাংডি।

ভূটান ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়