/asomiyapratidin/media/media_files/2025/09/08/2-2025-09-08-21-08-41.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে উজান বজাৰস্থিত ড০ আম্বেদকাৰ ভৱনত আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদে ৷
অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিক লৈ এক পৰ্যালোচনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ সংগঠনটোৰ ন-পুৰণি নেতা-কৰ্মীসকলে ভূপেন হাজৰিকাই সমাজৰ পিছ পৰি থকা শ্ৰেণীক কেনেদৰে মুখ্য ধাৰালৈ আহিবৰ বাবে গীতৰ মাধ্যমেৰে সাহস দিছিল সেয়া বিশ্লেষণ কৰে ৷ এই অনুষ্ঠানৰ পিছতে সন্ধিয়া আম্বেদকাৰ ভৱনত বন্তি প্ৰজ্বলন কৰা হয় ৷
অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হেমকান্ত দাসে ভূপেন হাজৰিকাক বিশ্বৰ অগণিত খাটিখোৱা, সৰ্বহাৰা, নিপীড়িত, নিষ্পেষিত মানুহৰ হকে গীত গোৱা মহান অসমীয়া বুলি উল্লেখ কৰি কয় যে, ভূপেন দা আজি আমাৰ মাজত নাই, কিন্তু তেওঁ জাতিটোৰ বাবে সদায়েই সাহস হৈ আছে ৷
লগতে কয়, ভূপেন দাই তেওঁৰ অপূৰ্ব সৃষ্টিৰ মাধ্যমেৰে জাতিটোক সাহস দি গৈছে ৷ লাঞ্চনা-বঞ্চনাৰ বিৰুদ্ধে অধিকাৰৰ হকে যুঁজিবলৈ আগবাঢ়ি অহা মানুহৰ বাবে ভূপেন দা সাহস বুলিও কয় হেমকান্ত দাসে ৷