/asomiyapratidin/media/media_files/2025/01/17/jUWg4uoM5D7qw87Lgqfd.jpg)
ডিজিটেল ডেস্কঃ অকলশৰীয়া হৈ পৰিল কমলিকা কাশ্যপ। শেষ নিশ্বাস ত্যাগ কৰিলে কমলিকাৰ পিতৃ ভূপেন দাসে। মাত্ৰ চাৰি বছৰ পূৰ্বে মাতৃক হেৰুৱাইছিল কমলিকাই।
কোভিড মহামাৰীৰ সময়ত ২০২১ ৰ ২১ এপ্ৰিলত কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুৰ পাছতেই মাতৃহাৰা হৈছিল কণমানি কমলিকা। তাৰ পাছৰে পৰা দেউতাকৰ সৈতে মাতৃৰ অভাৱ অনুভৱ নোহোৱাকৈ আছিল যদিও নিষ্ঠুৰ নিয়তিয়ে কমলিকাৰ কাষৰ পৰা কাঢ়ি নিলে পিতৃকো।
জানিব পৰা মতে ভূপেন দাসে আজি গুৱাহাটীৰ গাড়ীগাওঁস্থিত নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি তেওঁ মধুমেহ ৰোগত আৰু বৃক্কজনিত সমস্যাত আক্ৰান্ত হৈ আছিল।