ডিজিটে ডেস্কঃ গ্ৰেপ্তাৰ কৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন সভাপকি ৰিপুণ বৰাকে ধৰি কেইবাজনকো নেতাক। অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ কোষৰ অধ্যক্ষ বেদব্ৰত বৰাই প্ৰেৰণ কৰা এক বিবৃতিত কয় যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেবাজনো নেতা-কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ইতিমধ্যে সভাপতি ভূপেন কুমাৰ বৰাক কাহিলীপাৰাস্থিত দশম আৰক্ষী বেটেলিয়নলৈ লৈ যোৱা হৈছে। তাতেই তেওঁক আৱদ্ধ কৰি ৰখা হৈছে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা, সামাজিক মাধ্যমৰ অধ্যক্ষ ৰাতুল কলিতা, বিধায়ক দিগন্ত বৰ্মনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ এই কাৰ্যৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছো। গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ চেষ্টা কৰা কংগ্ৰেছ নেতা-কৰ্মীসকলক ভয় খুৱাবলৈ চেষ্টা চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ কাপুৰুষালি উদঙাই দিছে। আজি ছহিদ মৃদুল ইছলামৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা, সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু ন্যায়িক তদন্ত বিচাৰি কংগ্ৰেছে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদানৰ কাৰ্যসূচী আছিল। সেই কাৰ্যসূচী ৰূপায়ণ কৰি থকা সময়তে দলৰ সভাপতিকে ধৰি আন নেতৃবৃন্দক এইধৰণেৰে গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰদেশ কংগ্ৰেছে তীব্ৰ গৰিহণা দিছে।