Advertisment

ফেন ক্লাৱৰ নামত বিতৰ্কিত পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰাৰ

ভূপেন বৰা ফেন ক্লাৱৰ নামত প্ৰচাৰিত বিতৰ্কিত পত্ৰক লৈ স্পষ্টিকৰণ প্ৰকাশ কৰিছে ভূপেন বৰাই। এক বিবৃতিত তেওঁ কৰিছে, মোৰ কোনো 'ফেন ক্লাৱ’ নাই আৰু 'ফেন ক্লাৱ’ গঠন কৰিবলৈ কাকো অনুমতিও প্ৰদান কৰা নাই। '

author-image
Asomiya Pratidin
New Update
ভূপেন বৰা

ডিজিটেল ডেস্কঃ ভূপেন বৰা ফেন ক্লাৱৰ নামত গৌৰৱ গগৈ সন্দৰ্ভত প্ৰচাৰিত বিতৰ্কিত পত্ৰক লৈ স্পষ্টিকৰণ প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰছ সভাপতিগৰাকীয়ে। আজি এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাৰ দ্বাৰা স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে। 

Advertisment

এই বিজ্ঞপ্তিত কয় যে, বিহালীৰ উপ-নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি সাংসদ গৌৰৱ গগৈৰ নাম উল্লেখ কৰি ভূপেন বৰাৰ 'ফেন ক্লাৱ’ৰ নামত কোনোৱে এক পত্ৰ প্ৰকাশ কৰাৰ লগতে সেই পত্ৰ বিজেপিৰ একাংশ পালিনেতাই সামাজিক মাধ্যমত প্ৰচলন কৰি যি সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে সেয়া সম্পূৰ্ণ অভিসন্ধিমূলক।

লগতে এই বিবৃতিত উল্লেখ কৰিছে, ভূপেন কুমাৰ বৰাৰ কোনো 'ফেন ক্লাৱ’ নাই আৰু 'ফেন ক্লাৱ’ গঠন কৰিবলৈ কাকো অনুমতিও প্ৰদান কৰা নাই। 'ফেন ক্লাৱ’ৰ নামত কোনো বৈঠক অনুষ্ঠিত কৰাৰ নজিৰ নাই আৰু ভৱিষ্যতেও ফেন ক্লাৱ গঠনৰ কোনো পৰিকল্পনা নাই বুলিও বৰাই স্পষ্ট কৰি দিছে।

এনেধৰণৰ সস্তীয়া আৰু নিকৃষ্ট ৰাজনীতিয়ে তেওঁক কেতিয়াও বিচলিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি বৰাই কয় যে, তেওঁ অসম আৰু অসমবাসীৰ স্বাৰ্থ ৰক্ষাৰ বাবে নিৰৱিচ্ছিন্নভাৱে আপোচবিহীন সংগ্ৰাম অব্যাহত ৰাখিছে আৰু জাতিৰ স্বাৰ্থত তেওঁ নিজকে উৎসৰ্গিত কৰাৰ মানসিকতা অধিক দৃঢ় কৰি তুলিছে। 

ভূপেন বৰা গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ