হাতীগাঁৱত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বহুভাষিক কবি সন্মিলন সম্পন্ন

হাতীগাঁৱত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বহুভাষিক কবি সন্মিলন সম্পন্ন

ডিজিটেল সংবাদ,গুৱাহাটী : শনিবাৰে অখিল ভাৰতীয় সাহিত্য পৰিষদ,গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্যত গুৱাহাটী মহানগৰৰ হাতীগাঁৱৰ সিজুবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এখনি "বহুভাষিক কবি সন্মিলন" আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হৈ যায় । আদিতে ভাৰত মাতাৰ স্থিৰচিত্ৰ আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম প্ৰদেশ সমিতিৰ সদ্য প্ৰয়াত কোষাধ্যক্ষ বাসুদেৱ গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে।

মাল্যাৰ্পণ কৰে পৰিষদৰ অসম প্ৰদেশ সমিতিৰ সভাপতি মৃণালিনী দেৱী, মুখ্য উপদেষ্টা ধীৰেণ শৰ্মা, প্ৰাক্তন সচিব প্ৰধান কমল কলিতা, নিশুতি মজুমদাৰ, কাৰ্যকৰী সভাপতি দেৱেশ্বৰ কলিতা, দীপক শৰ্মা প্ৰভৃতিয়ে । ইয়াৰ পিচতে পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি নিশুতি মজুমদাৰৰ সঞ্চালনাত বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়।

পৰিষদৰ মহানগৰ সমিতিৰ সচিব সুভাষ শৰ্মাই আঁত ধৰা সন্মিলনত দীপক শৰ্মা, কমল কলিতা, সুস্মিতা মজুমদাৰ, মালবিকা ৰায় মেধি দাস, কল্যাণ কুমাৰ শৰ্মা, গীৰিশ ডেকা, ড০ মামণি ভট্টাচাৰ্য, বিদ্যুত চক্ৰৱৰ্তী আদিয়ে ভিন-ভিন ভাষাৰ কবিতা পাঠ কৰে । পঠিত কবিতাৰ ওপৰত আলোচনা দাঙি ধৰে কবি বিৰজা দেৱীয়ে ।

অনুষ্ঠানত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ সমিতিৰ সভাপতি মৃণালিনী দেৱী, মুখ্য উপদেষ্টা ধীৰেণ শৰ্মা, কাৰ্যকৰী সভাপতি দেৱেশ্বৰ কলিতা, প্ৰাক্তন সচিব প্ৰধান কমল কলিতাই অতিথি হিচাপে অংশ লৈ পৰিষদৰ লক্ষ্য, উদ্দেশ্যেৰ লগতে আগত ডিচেম্বৰ মাহত শ্ৰীমন্ত শংকৰদেৱে কলাক্ষেত্ৰত হ'বলগা পৰিষদৰ ৰূপালী জয়ন্তী অধিৱেশন সম্পৰ্কে বক্তব্য দাঙি ধৰে ।

হাতীগাঁৱত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বহুভাষিক কবি সন্মিলন সম্পন্ন
বহিৰাগত বণিয়াৰ নিৰ্দেশত প্ৰাক্তন ছাত্ৰনেতাৰ গুণ্ডাৰাজৰ অভিযোগ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in