/asomiyapratidin/media/media_files/2025/03/04/op3XnhUNUSCrPV1ibgkz.png)
ডিজিটেল ডেস্কঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে সমালোচিত হৈছে মন্ত্ৰী অশোক সিংঘাল। আজি অসম বিধানসভাৰ মজিয়াতো মন্ত্ৰী সিংঘালৰ বিৰুদ্ধে বিৰোধীয়ে প্ৰতিবাদ কৰি তেওঁক ক্ষমা খুজিবলৈয়ো দাবী জনায়।
এনে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ পাছত মন্ত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক নস্যাৎ কৰি সাংবাদিকৰ বিৰুদ্ধেহে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে। উল্লেখ্য যে, গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু উত্তৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অহা ১৫ মাৰ্চত অনুষ্ঠিত কৰা হৈছে 'গান্ধাৰীৰ অভিশাপ' নামৰ মাতৃভাষাৰ এখন ভাওনা।
ৰাজ্যৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিকসকলৰ দ্বাৰা অভিনীত হ’বলগীয়া এই ভাওনাখন গুৱাহাটীৰ শিল্পগ্ৰাম প্ৰাংগণত অনুষ্ঠিত কৰিব। সেই উপলক্ষে এই ভাওনালৈ বুলি নিমন্ত্ৰণৰ বাবে মন্ত্ৰী অশোক সিংঘালৰ কাষলৈ গৈছিল গুৱাহাটী প্ৰেছ ক্লাবৰ এটা সাংবাদিকৰ দল।
অভিযোগ অনুসৰি এই সাংবাদিকৰ দলটোৰ নিমন্ত্ৰণৰ সময়তে চূড়ান্ত অপমানজনবাৱে ''ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট'' বুলিহে কয় মন্ত্ৰী সিংঘালে। ভাওনা সম্পৰ্কত মন্ত্ৰী সিংঘালে চূড়ান্ত অপমানজনক ভাৱে কৰা এনে মন্তব্য কৰা বুলি মুকলি অভিযোগ উত্থাপন হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
এনে প্ৰতিক্ৰিয়াৰ মাজতে আজি সামাজিক মাধ্যমৰ জৰিয়তে অশোক সিংঘালে এই সম্পূৰ্ণ অভিযোগক মনেসজা আৰু অসত্য বুলিহে উল্লেখ কৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে এইদৰে-
''গুৰুজনাৰ ভাওনাকলৈ মই অপমানসূচক মন্তব্য কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মই শেহতীয়াকৈ অৱগত হৈছোঁ। প্ৰথমতেই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে, এই অভিযোগ সম্পূৰ্ণ মিছা আৰু মনেসজা। সংবাদ মাধ্যমৰ এটা প্ৰতিনিধি দল মোৰ ওচৰলৈ অহাটো সঁচা আৰু ভাওনালৈ তেওঁলোকে মোক নিমন্ত্ৰণ জনোৱাটোও সত্য। কিন্তু ভাওনাক কেন্দ্ৰ কৰি তাচ্ছিল্যসূচক কোনো কথা কোৱাটো দূৰৈৰ কথা তেনে কথা মোৰ কল্পনালৈ অহাটোৱেই অসম্ভৱ। গতিকে এনেদৰে কাহিনী সাজি আৰু তাৰ সৈতে মহাপুৰুষজনাৰ নাম সাঙুৰি জগতগুৰুজনাক অপমান কৰাৰ লগতে জনমানসত মোক হেয় প্ৰতিপন্ন কৰাৰ এই অপচেষ্টা কোনোপধ্যেই গ্ৰহণীয় হ'ব নোৱাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি একান্ত অনুগত আৰু তেখেতৰ সৃষ্টিৰাজিক সদায় শিৰনত কৰি আকোঁৱালি আহিছোঁ। যিগৰাকী গুৰুৰ সৃষ্টি-অৱদানেৰে সমগ্ৰ অসমীয়া জাতিটো সমৃদ্ধ; যিগৰাকী গুৰুৰ নাম লৈ প্ৰতিটো দিনৰ আমি আৰম্ভণি কৰোঁ - তেখেতক সাঙুৰি কৰা এই অপপ্ৰচাৰে মোক ব্যক্তিগতভাৱে যথেষ্ট মনোকষ্ট দিছে । অসমীয়া জাতীয় জীৱনৰ ভেটি গঢ়োঁতা গুৰুজনাৰ সৃষ্টিৰাজিক লৈ বক্তব্য প্ৰদান কৰাৰ ধৃষ্টতা আমাৰ নাই।এনেদৰে মিছাৰ আশ্ৰয় লৈ প্ৰতিগৰাকী অসমবাসীৰ আৱেগক কৰা অশ্ৰদ্ধা-অপমানক গৰিহণা দিছোঁ আৰু মোৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত লিপ্ত হোৱা নিৰ্দ্দিষ্ট সাংবাদিকগৰাকীক অনতিপলমে ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ, অন্যথাই মই আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম বুলিও স্পষ্ট কৰি দিছোঁ।'' (অসম্পাদিত)
মন্ত্ৰী সিংঘালৰ এনে প্ৰতিক্ৰিয়াৰ পাছত এতিয়া লক্ষ্যণীয় হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰত্যুত্তৰ কি হ'ব।