বি বৰুৱা মহাবিদ্যালয়ৰ ৮০ বছৰীয়া জয়ন্তী আৰম্ভ...

প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত বি বৰুৱা মহাবিদ্যালয়ৰ ৮০ বছৰীয়া জয়ন্তী আৰম্ভ বিভিন্ন ক্ষেত্রৰ ৩৫ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা মহাবিদ্যালয়ৰ পতাকা উত্তোলন

author-image
Asomiya Pratidin
New Update
বি বৰুৱা মহাবিদ্যালয়ৰ ৮০ বছৰীয়া জয়ন্তী আৰম্ভ...

ডিজিটেল সংবাদ, গুৱাহাটী: ১৯৪৩ চনত স্থাপিত অসমৰ চতুর্থ খন মহাবিদ্যালয় বি বৰুৱা মহাবিদ্যালয়ৰ ৮০ বছৰীয়া জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ দেওবাৰে বিভিন্ন ক্ষেত্রত প্ৰতিষ্ঠিত ৩৫ গৰাকী প্ৰাক্তন শিক্ষাৰ্থীৰ পতাকা উত্তোলনেৰে আৰম্ভ হয়।

Advertisment

মহাবিদ্যালয় খনৰ বৰ্তমানৰ অধ্যক্ষ ডঃ সত্যেন্দ্রনাথ বৰ্মন, প্ৰাক্তন অধ্যক্ষা ডঃ ৰেখা ডেকা, প্ৰাক্তন শিক্ষাৰ্থী সংস্হাৰ সভাপতি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামী, সম্পাদক ডঃ বিজয় শংকৰ গোস্বামী, প্ৰাক্তন ছাত্ৰ পুলক বেনাৰ্জী, মইনুল হ'ক, ডঃ ধ্ৰুৱজ্যোতি চৌধুৰী, ডঃ ৰঞ্জন কাকতি, যতীন বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰেকিবুদ্দিন আহমেদ,হিমাংশু দাস, সত্য ব্ৰত বৰুৱা,ৰিপন বৰুৱা,ৰাতুল মহন্ত,কুলেন দাস আদিকে ধৰি ৩৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে একেলগে ডবা, শংখ, কাহ বাদনৰ মংগল ধ্বনিৰে মহাবিদ্যালয়ৰ ৮০ খন পতাকা উত্তোলন কৰি বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ইয়াৰ পূৰ্বে শিক্ষাৰ্থী সংস্থাৰ নুৰুল হকে সকলকে একোখনকৈ গামোছাৰে আদৰণি জনায় আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰা হয়। ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত প্ৰাক্তন ছাত্র-ছাত্ৰী সকলৰ মাজত এক প্ৰীতি সন্মিলন অনুষ্ঠিত হয়। অধ্যাপক জগদীশ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত প্ৰীতি সন্মিলনৰ পূৰ্বে মহাবিদ্যালয়ৰ ছাত্রী সকলে এটি সমবেত গীত পৰিবেশন কৰে।

প্ৰীতি সন্মিলনত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰেকিবুদ্দিন আহমেদ, অসম অনুসূচীত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত কুমাৰ দাস, সংগীত শিল্পী জুবিন গাৰ্গ, প্ৰাগ চেনেলৰ অধ্যক্ষ সঞ্জীব নাৰায়ণকে ধৰি বহুকেইগৰাকী প্ৰাক্তন ছাত্র-ছাত্ৰীয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰে। এই সভাতে মহাবিদ্যালয় খনৰ বৰ্ষজোৰা কাৰ্যসূচীৰ বাবে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এক লাখ টকা, জয়ন্ত কুমাৰ দাস আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰত্যেকে এমাহৰ দৰমহা আগবঢ়োৱাৰ আৰু সঞ্জীব নাৰায়ণে বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণিৰ সাংস্কৃতিক অনুষ্ঠানৰ সমষ্ট দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

শিল্পী জুবিন গাৰ্গেও মহাবিদ্যালয় প্ৰেক্ষাগৃহৰ আধুনিকীকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।ইয়াৰ পিছত অনুষ্ঠিত "উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহৰ গুণগত মান বৃদ্ধিত প্ৰাক্তন শিক্ষাৰ্থীৰ ভূমিকা" শীৰ্ষক ভাষণ প্রদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইউচিক বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উৎপল শৰ্মাই।

প্ৰাক্তন ছাত্ৰী তথা শিল্পী জিনা ৰাজকুমাৰীয়ে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত প্ৰাক্তন ছাত্র -ছাত্রী সকলে অংশ গ্রহণ কৰে। প্ৰাক্তন ছাত্র ৰিয়াজ তালুকদাৰ, হিৰক শৰ্মা, হিৰেন শৰ্মা, সুভাষ নাথ, বিদিশা হাজৰিকা আদিয়ে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰ ফালে মহাবিদ্যালয় খনৰ বৰ্ষজোৰা ৮০ বছৰীয়া জয়ন্তীৰ সামৰণি পৰিব।

Also Read: ওদালগুৰি জিলাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত...

B Boruah College